DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰ: নিহত দুই সন্ত্ৰাসবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2023 1:22 pm
terrorists killed in Jammu-Kashmir
73
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। নতুন বৰ্ষৰ প্ৰথমটো দিনতে উপত্যকাটোত সন্ত্ৰাসবাদীৰ আক্ৰমণে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰাৰ পিছত জোৰদাৰ হৈ পৰিছে নিৰাপত্তাৰক্ষীৰ অভিযান।

আজি পুৱা জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে দুই সন্ত্ৰাসবাদী সদস্য। আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে, বুডগাম চহৰৰ জিলা আদালত কমপ্লেক্সৰ সমীপত সংঘটিত হয় এই এনকাউণ্টাৰ।

বুডগামত আৰক্ষী আৰু সেনাই যুটীয়া অভিযান চলাই অঞ্চলটো ঘেৰাও কৰাৰ পাছতে সংঘৰ্ষ আৰম্ভ হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত শীঘ্ৰেই সবিশেষ সদৰী কৰা হ’ব বুলি আৰক্ষী বিষয়াসকলে লগতে কয়।

 

J&K | Police and Army cordoned off the area in Budgam after gunshots were heard in the area; efforts are underway to nab the terrorists.

— ANI (@ANI) January 17, 2023

উল্লেখ্য যে সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে যোৱা বৰ্ষত জম্মু-কাশ্মীৰত নিৰবিচ্ছিন্ন ৰূপত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলায় নিৰাপত্তা বাহিনীয়ে।জম্মু-কাশ্মীৰ আৰক্ষী তথ্য অনুসৰি ২০২২ বৰ্ষত কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত শান্তি নিশ্চিত কৰিবলৈ ৯৩ টা সফল এনকাউণ্টাৰ কৰি ৪২ বিদেশী সন্ত্ৰাসবাদীকে ধৰি মুঠ ১৭২ সন্ত্ৰাসবাদীক হত্যা কৰিছে।

কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে সদৰী কৰা মতে নিহত প্ৰায় ১০৮ সন্ত্ৰাসবাদী মূলতঃ লস্কৰ-ই-তৈবা আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF)ৰ সদস্য আছিল।

আনহাতে জইছ-ঈ-মহম্মদৰ ৩৫ গৰাকী, হিজবুল-মুজাহিদিনৰ ২২ গৰাকী, আল-বদৰৰ ৪ গৰাকী আৰু আনছাৰ গাজৱাত-উলৰ-হিন্দৰ ৩ গৰাকী সদস্য এই বৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় বুলি তেওঁ সদৰী কৰে।

আনহাতে আৰক্ষী বিষয়া গৰাকীৰ তথ্য মতে, যোৱা বৰ্ষত সন্ত্ৰাসবাদী গোটত ১০০ সদস্যৰ নতুন নিযুক্তিৰ বাতৰি পোৱা গৈছিল। এই সংখ্যা ২০২১ চনৰ তুলনাত ৩৭ শতাংশ হ্ৰাস পায় বুলি তেওঁ লগতে উল্লেখ কৰে।

মুঠ নতুন নিযুক্তিৰ ভিতৰত ৬৫ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছে, ১৭ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৮ গৰাকী এতিয়াও সক্ৰিয় হৈ আছে বুলি তেওঁ লগতে কয়।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd