নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
সেয়েহে আজি তৃতীয় দিনাও কৃষক নেতা অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মহানগৰীৰ উজান বজাৰ, লতাশিল, খাৰঘুলি, শিলপুখুৰী আদি অঞ্চলৰ ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে। লগতে চিটি বাছ, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী- বেচৰকাৰী কাৰ্যালয় আদিতো বিধেয়কখনৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে সংগঠনটোৱে।
এই কাৰ্যসূচীৰ মাজতে অখিল গগৈয়ে কয়— ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব নোৱাৰিলে অসমৰ জাতি নিঃশেষ হৈ যাব। অসমৰ ৰাইজে প্ৰতিবাদ নকৰিলে একো নাপায়’।
কৃষক নেতাগৰাকীয়ে লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা বাবেহে অসমে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা বানৰ নামত সামান্য পৰিমাণৰ ৪৩০ কোটি টকা সাহাৰ্য পাইছে। অসমক প্ৰতিবাৰে বানে বিধ্বস্ত কৰি যায়, কিন্তু এবাৰো কেন্দ্ৰৰ বিজেপি চৰকাৰে বানসাহাৰ্য মুকলি কৰি নিদিলে। কিন্তু এইবাৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা তথা কেন্দ্ৰীয় চৰকাৰৰ শোষণৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলস্বৰূপে প্ৰথমবাৰৰ বাবে অসমত ৪৩০ কোটি টকা মুকলি কৰি দিলে।

গগৈয়ে লগতে লোকপ্ৰিয় গোপীনাত বিমান বন্দৰ ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধেও সৰৱ হৈ পৰে।
আনহাতে অহা ২০ মে’ত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ অসম ভ্ৰণণসূচী প্ৰসংগত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে অমিত শ্বাহৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ কেৱল ভোটৰ স্বাৰ্থতহে আহে। তেওঁলোকে কোনোদিনে অসমৰ সমস্যাৰ বিষয়ে বুজ ল’বলৈ নাহে। সেয়ে ২০ মে’ৰ দিনা অমিত শ্বাহৰ অসম ভ্ৰমণৰ প্ৰতিবাদ স্বৰূপে সকলো দল-সংগঠন তথা মহানগৰবাসীক ৰাজপথলৈ ওলাই আহি ক’লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।





