NORTHEAST NOW (Assamese)

মৃত্যুদূত! বিষাক্ত সুৰা পান কৰি সুৰা নিষিদ্ধ বিহাৰৰ মতিহাৰীত ২০ গৰাকীৰ মৃত্যু

April 15, 2023 6:18 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 16, 2023 10:06 am

সুৰা নিষিদ্ধ বিহাৰত মৃত্যুদূতত পৰিণত হৈছে অবৈধ সুৰা। নিষেধাজ্ঞা অমান্য কৰি ৰাজ্যখনত চোৰাংকৈ চলি থকা অবৈধ সুৰা পান কৰাৰ ফলস্বৰূপে সঘনে সুৰাপায়ীৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে। শুকুৰবাৰে নিশা ৰাজ্যখনৰ মতিহাৰীত সংঘটিত হৈছে অনুৰূপ ঘটনা।

অবৈধ বিষাক্ত সুৰা পান কৰাৰ ফলত মতিহাৰীত মৃত্যু হৈছে ২০ গৰাকী লোকৰ। আনহাতে সুৰাপান কৰি অসুস্থ হৈ পৰা ৬ গৰাকী লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, সুৰা কঢ়িয়াই অনা এখন বাহনে মতিহাৰীৰ স্থানীয় ব্যৱসায়ীসকলৰ মাজত সুৰা বিতৰণ কৰিছিল। এই সুৰা পানৰ ফলতে এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ঘটনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ঘটনাক দুখজনক বুলি উল্লেখ কৰি এই সন্দৰ্ভত তথ্য কৰি থকা হৈছে বুলি সদৰী কৰে।

বিহাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ এক বিবৃতিত এই ঘটনাৰ তদন্তৰ অংশ হিচাপে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে, ২০১৬ চনৰ এপ্ৰিল মাহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত সুৰাৰ বিক্ৰী আৰু সেৱনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল।

এই নিষেধাজ্ঞাৰ পিছতো ৰাজ্যখনত ক’লা বজাৰত সুৰা বিক্ৰী আৰু স্থানীয়ভাৱে নিৰ্মিত সুৰা সেৱনৰ ফলত মৃত্যুৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে।

Related News