NORTHEAST NOW (Assamese)

চৌদি আৰৱত শোকাৱহ দুৰ্ঘটনা: মক্কাভিমুখী বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ২০ জন তীৰ্থযাত্ৰী

March 28, 2023 3:27 pm · এন ই নাও নিউজ, গুৱাহাটী

এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্য হৈছে মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান মক্কা ভ্ৰমণ কৰা ২০ গৰাকী তীৰ্থযাত্ৰীৰ। চৌদিৰ চৰকাৰী সংবাদ মাধ্যম গাল্ফ নিউজৰ বাতৰি অনুসৰি সোমবাৰে সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।

উমৰাহ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দলঙৰ খুঁটাত খুন্দা খাই বাগৰি পৰাৰ পিছত এই শোকাৱহ ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত ২০ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২৪ গৰাকীৰো অধিক তীৰ্থযাত্ৰী আহত হয় বুলি গাল্ফ নিউজৰ বাতৰিত প্ৰকাশ পাইছে।

আচিৰ প্ৰদেশৰ আকাবাত ছাৰত বিয়লি প্ৰায় ৪ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰকাশিত খবৰ অনুসৰি, বাছখন খামিস মুছায়তৰ পৰা ওলাই আভা অঞ্চললৈ ৰাওনা হৈছিল।

 

বাছখনত ব্ৰেকৰ সমস্যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি গাল্ফ নিউজৰ বাতৰিত উল্লেখ কৰা হৈছে। বাছখন দলঙৰ এক বেৰিয়াৰত খুন্দা খোৱাৰ পিছতে ওলোটাই বাগৰি পৰে আৰু তৎক্ষণাত জুই লাগে।

চৌদিৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দুৰ্ঘটনাত নিহত তথা আহত তীৰ্থযাত্ৰীসকল বিভিন্ন দেশৰ পৰা আহিছিল। অৱশ্যে তেওঁলোক কোনকেইখন দেশৰ নাগৰিক সেই বিষয়ে এইপৰ্যন্ত উল্লেখ কৰা হোৱা নাই।

Related News