NORTHEAST NOW (Assamese)

গোৱালপাৰাত চালানি মাছৰ আতংক, অসুস্থ ব্ৰহ্মপুত্ৰ একাদেমিৰ ২০জন ছাত্র

September 11, 2018 7:01 pm · নীলমণি শৰ্মা

গোৱালপাৰাত খাদ্যত বিষক্ৰিয়া হৈ সোমবাৰে নিশা অসুস্থ হৈছে ব্যক্তিগত খণ্ডৰ ব্ৰহ্মপুত্ৰ একাদেমি বোলা বিদ্যালয়খনৰ কুৰিজনকৈ ছাত্ৰ।

থলুৱা মাছৰ নামত চালানী খুওৱাৰ ফলতে শিক্ষা প্ৰতিষ্ঠানটোৰ ছাত্ৰাবাসত থকা কুৰিজনকৈ ছাত্ৰ সোমবাৰে ৰাতিৰ আহাৰ গ্ৰহণৰ পিছতে অসুস্থ হৈ পৰে।

আহাৰ খোৱাৰ পিছত প্ৰচণ্ড পেটৰ বিষ আৰু বমি হোৱাত ছাত্ৰসকলক নিশাই গোৱালপাৰাৰ ছ’লেচ হস্পিতালত ভৰ্ত্তি কৰোৱা হয়।

গোৱালপাৰাৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ এনে কাণ্ডত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডত জৰিত বিতৰ্কিত চাইন্স একাডেমি নামৰ শিক্ষা প্ৰতিষ্ঠানখনকে স্বীকৃতি বাতিলৰ পিছত ব্ৰহ্মপুত্ৰ একাডেমি নাম দি চলাই আছে পূব গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলমৰ পত্নীয়ে।

‘সঁচাই চালানি মাছত ফৰ্মেলিন বা আন কিবা বৰবিহ আছে নেকি,’ এই প্ৰশ্ন গোৱালপাৰাৰ ৰাইজৰ মুখে মুখে।

Related News