NORTHEAST NOW (Assamese)

২০০০ বছৰৰ আগতেও আছিল ফাষ্টফুডৰ দোকান! ক’ত আছিল এনে দোকান?

December 28, 2020 4:46 pm · এন ই নাও নিউজ

বহুতে কোৱাৰ দৰে ফাষ্টফুড নতুন সভ্যতাৰ সৃষ্টি নহয়।

আধুনিক সভ্যতা বিকশিত হোৱাৰ বহু বছৰ পূৰ্বৰে পৰা ফাষ্টফুডৰ দোকান আছিল।

শেহতীয়াকৈ আৱিষ্কৃত ঐতিহাসিক সমলে সেই কথাই প্ৰমাণ কৰিছে।

আজিৰ যুগৰ দৰে ২০০০ বছৰ আগতেও পথৰ দাঁতিত আছিল ফাষ্টফুডৰ দোকান।

এটা সময়ত আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত লাভাই ঢাকি পোলোৱা এখন চহৰৰ পৰা উদ্ধাৰ হৈছে আটক ধুনীয়াকৈ সজাই থোৱা ফাষ্টফুডৰ দোকান।

৭৯ খ্ৰীষ্টাব্দত ভিচুভিয়াছ আগ্নেয়গিৰিৰ উদীৰণৰ ফলত লাভাই পুতি পেলাইছিল ইটালীৰ নেপলছ চহৰ খন। পুৰাত্ববিদসকলে শেহতীয়াকৈ নেপলছ চহৰত খনন চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ফাষ্টফুডৰ দোকান।

লেটিন ভাষাত এনে ফাষ্টফুডৰ দোকানক কোৱা হৈছিল তাৰমোপলিয়াম বুলি।

এনে তাৰমোপলিয়ামত কুকুৰা আদিৰ ছবি অঁকা থকালৈ চাই কব পাৰি যে দোকান বোৰত কুকুৰাৰ পোৰা অথবা সেকা মাংসও বিক্ৰী হৈছিল।

নেপলছ চহৰৰ উপৰি পম্পেই চহৰৰ ধ্বংসাৱশেষৰ পৰাও এনে ফাষ্টফুডৰ দোকান উদ্ধাৰ হৈছে।

তাহানিৰ ইটালীৰ চহৰত এনেদৰে ফাষ্টফুডৰ দোকান উদ্ধাৰ হোৱাৰ কথাই প্ৰমাণ কৰে আজিৰ দৰেই সেই চহৰ সমূহৰ বাসিন্দাসকলেও জীৱন-যাপনৰ কেতবোৰ বিলাসী আৰু আৰামদায়ক পন্থা অৱলম্বন কৰিছিল।

Related News