• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙৰ দিয়ুং নৈত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , December 28, 2020 4:55 pm

2 min read

হাফলঙৰ দিয়ুং নৈত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

ফটো : নৰ্থ-ইষ্ট নাও

240
VIEWS
Share on FacebookShare on Twitter

মাংগলিক অনুষ্ঠানৰ যোগেদি হাফলঙৰ দিয়ুং নৈত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিলে ডিমা হাছাও জিলা কংগ্ৰেছ কমিটিয়ে।

চিতাভষ্ম বিসৰ্জন দিয়াৰ আগতে হাফলং ৰাজীৱ ভৱন চৌহদত এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। য’ত হিন্দু খ্ৰিষ্টান আৰু ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ পাঠ কৰা হয়।

ইয়াৰ পাছত সুসজ্জিত বাহনেৰে দিয়ুং নৈৰ ঘাটলৈ লৈ যোৱা হয় প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম।

আজি দিয়ুং নৈৰ পানীত প্ৰিয় নেতা প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্মৰ কলচি বিসৰ্জন দি জিলা কংগ্ৰেছৰ নেতাকৰ্মী সকলে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

হিন্দু ধৰ্মৰ পবিত্ৰ গীতা চুনিলাল ভট্টাচাৰ্যই পাঠ কৰাৰ উপৰি বাইবেল পাঠ কৰে ওভাষ্টিং পাচ’ৱান আৰু কোৰানৰ পাঠ কৰে নুৰ মহম্মদ লস্কৰে।

উক্ত শ্ৰদ্ধাঞ্জলি তথা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত উপস্থিত থাকে ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংঠাচা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কালিজয় চেঙগুইন, প্ৰাক্তন ইএম লক্ষ্যমণি লাংঠাচা, প্ৰাক্তন ই এম মায়ানন কেমপ্ৰাই, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিমাদ্ৰিকা বাঠাৰি, পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ তুষাৰকান্তি দেব, প্ৰবীণ নেত্ৰী ছফিয়া খান দেথাং নাইডিং, মনজিত লাংঠাচা, জেক দাউলাগুপু, চনম লামা আদি।

ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংঠাচায় কয়, ‘প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈৰ ৰাজ্যৰ প্ৰতি বহুতো অৱদান আছে। তেওঁ যেতিয়া ২০০১ চনত ৰাজ্যৰ মুখ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ চম্ভালি লৈছিল তেতিয়া ৰাজ্যৰ আৰ্থিক অৱস্থা শোচনীয় আছিল। চৰকাৰী কৰ্মচাৰী সকলক দৰমহা দিয়াত সমস্যা হৈছিল। ৰাজ্যৰ আইন শৃংখলা ব্যবস্থাৰো চৰম অৱনতি ঘটিছিল। তেনে পৰিস্থিতিৰ পৰা ৰাজ্যক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল’।

তেওঁ লগতে কয়, ‘অকল এয়াই নহয় অসমৰ উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰতো তৰুণ গগৈৰ অবদান কোনেও নুই কৰিব নোৱাৰিব। আজি ডিমা হাছাও জিলাত শান্তি স্থাপনৰ অন্যতম ব্যক্তি হ’ল প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত তৰুণ গগৈ। তেওঁৰ মৃত্যু ৰাজ্যবাসীৰ কাৰণে অপূৰণীয় ক্ষতি। আমি তেওঁক পাহৰিলে নহ’ব। তৰুণ গগৈৰ কাৰণে যি সকলে ব্যক্তিয়ে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে তেওঁলোকেও এইগৰাকী ব্যক্তিক শ্ৰদ্ধা জনাব লাগে’।

Recent News

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd