NORTHEAST NOW (Assamese)

পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমি বঁটা

June 24, 2022 6:39 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমীয়া সাহিত্যৰ বাবে আন এক সুখবৰ। অসমৰ পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমি বঁটা আগবঢ়োৱা হৈছে।

মামং দাইৰ “The Legends of Pensam” নামৰ ইংৰাজী গ্ৰন্থখনৰ অসমীয়া অনুবাদ “দাঁতি পাৰৰ মানুহ”ৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে।

উল্লেখ্য যে দাঁতি পাৰৰ মানুহ শীৰ্ষক গ্ৰন্থখন ২০১৫ চনত প্ৰকাশিত হৈছিল।

পৰী হিলৈদাৰী বৰ্তমান গুৱাহাটীস্থিত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মৰত হৈ আছে।

Related News