অসমত ২০৪ নতুন ক’ভিড আক্ৰান্ত, ২৯৬১ আৰোগ্য
২০৪গৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২৯৬১গৰাকীয়ে আৰোগ্য লাভ কৰিছে।
৮৭৫৩টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে।
পজিটিভৰ হাৰ হৈছে ২.৩৩ শতাংশ।
আৰোগ্যৰ হাৰ হৈছে ৯০.৯৭ শতাংশ।
১,৮৫,৭৫২গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।
অসমত বৰ্তমান সক্ৰিয় ৰোগী ১৭,৫১০ (।)
মুঠ ২,০৪,১৭১গৰাকী ব্যক্তি এতিয়ালৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছে।
ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।
ইপিনে আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে দেওবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯০৬লৈ বৃদ্ধি পাইছে।
শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— লখিমপুৰৰ অতুল শৰ্মা (৫৫), গোলাঘাটৰ মাইতা বৰি (৫৫), যোৰহাটৰ নিৰদা মেচ (৬২) আৰু বিশ্বনাথৰ সুৰজ শৰ্মা (২৪)।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।
শনিবাৰলৈকে অসমত ৯০২গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।