উদ্ভট মন্তব্যৰে বিতৰ্ক সৃষ্টি কৰা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ দেৱক ২ মে’ত দিল্লীলৈ তলব মোডীৰ
ধাৰবাহিকভাৱে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ওপৰত খড্গহস্ত হৈ পৰিছে বিজেপি নেতৃত্ব।সেয়েহে অহা ২ মে’ত ত্ৰিপুৰাৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী গৰাকীক জৰুৰীকালীনভাৱে দিল্লীলৈ তলব কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই প্ৰকাশ কৰা অনুসৰি দেশৰ ৰাজধানী দিল্লীত অহা ২ মে’ত প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক সাক্ষাৎ কৰিব দেৱে।
উল্লেখযোগ্য যে যোৱা মাহত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও উদ্ভট মন্তব্য কৰি দলৰ ভাবমূৰ্তি জনমানসত ম্লান কৰিছিল। যাৰ বাবে তেওঁক স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তলব কৰিবলগীয়া হৈছে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বিপ্লৱ দেৱে মহাভাৰতৰ যুগৰ পৰাই ভাৰতত ইণ্টাৰনেট আছিল বুলি মন্তব্য কৰি প্ৰথমবাৰৰ বাবে চৰ্চা লাভ কৰিছিল। তাৰ পাছত বিশ্ব সুন্দৰী ডায়েনাৰ গাৰ ৰং সন্দৰ্ভত মন্তব্য কৰি সমালোচনাৰ পাত্ৰ হৈছিল দেৱ।
আনহাতে বিশ্ব পশু চিকিৎসা দিৱস’ উপলক্ষে ত্ৰিপুৰা পশু চিকিৎসা পৰিষদে আয়োজন কৰা এক আলোচনা সভাত মুখ্য মন্ত্ৰী দেবে ‘পাৰ্টিৰ পিছে পিছে ঘূৰি ফুৰাতকৈ পাণ দোকান খোলা হ’লে একোজন ডেকাৰ এতিয়ালৈকে বেংকত ৫ লাখ টকা জমা হ’লহেঁতেন’ বুলি মন্তব্য কৰিছিল।
তদুপৰি শেহতীয়াভাৱে দেৱে মেকানিকেল ইঞ্জিনিয়াৰসকলৰ পৰিৱৰ্তে ‘চিভিল’ ইঞ্জিনিয়াৰসকল ‘চিভিল’ (অসামৰিক সেৱা) সেৱাৰ বাবে বেছি উপযুক্ত বুলি কৈ সকলোৰে ৰোষৰ পাত্ৰ হ’বলগীয়া হৈছিল। এনে পেক্ষাপটতে তেওঁক প্ৰধানমন্ত্ৰীয়ে তলব কৰিছে বুলি চৰ্চিত হৈছে।