• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

উদ্ভট মন্তব্যৰে বিতৰ্ক সৃষ্টি কৰা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ দেৱক ২ মে’ত দিল্লীলৈ তলব মোডীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 30, 2018 12:22 pm

2 min read

hghgj
93
VIEWS
Share on FacebookShare on Twitter

ধাৰবাহিকভাৱে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ওপৰত খড্গহস্ত হৈ পৰিছে বিজেপি নেতৃত্ব।সেয়েহে অহা ২ মে’ত ত্ৰিপুৰাৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী গৰাকীক জৰুৰীকালীনভাৱে দিল্লীলৈ তলব কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই প্ৰকাশ কৰা অনুসৰি দেশৰ ৰাজধানী দিল্লীত অহা ২ মে’ত প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক সাক্ষাৎ কৰিব দেৱে।

উল্লেখযোগ্য যে যোৱা মাহত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও উদ্ভট মন্তব্য কৰি দলৰ ভাবমূৰ্তি জনমানসত ম্লান কৰিছিল। যাৰ বাবে তেওঁক স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তলব কৰিবলগীয়া হৈছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বিপ্লৱ দেৱে মহাভাৰতৰ যুগৰ পৰাই ভাৰতত ইণ্টাৰনেট আছিল বুলি মন্তব্য কৰি প্ৰথমবাৰৰ বাবে চৰ্চা লাভ কৰিছিল। তাৰ পাছত বিশ্ব সুন্দৰী ডায়েনাৰ গাৰ ৰং সন্দৰ্ভত মন্তব্য কৰি সমালোচনাৰ পাত্ৰ হৈছিল দেৱ।

আনহাতে বিশ্ব পশু চিকিৎসা দিৱস’ উপলক্ষে ত্ৰিপুৰা পশু চিকিৎসা পৰিষদে আয়োজন কৰা এক আলোচনা সভাত মুখ্য মন্ত্ৰী দেবে ‘পাৰ্টিৰ পিছে পিছে ঘূৰি ফুৰাতকৈ পাণ দোকান খোলা হ’লে একোজন ডেকাৰ এতিয়ালৈকে বেংকত ৫ লাখ টকা জমা হ’লহেঁতেন’ বুলি মন্তব্য কৰিছিল।

তদুপৰি শেহতীয়াভাৱে দেৱে মেকানিকেল ইঞ্জিনিয়াৰসকলৰ পৰিৱৰ্তে ‘চিভিল’ ইঞ্জিনিয়াৰসকল ‘চিভিল’ (অসামৰিক সেৱা) সেৱাৰ বাবে বেছি উপযুক্ত বুলি কৈ সকলোৰে ৰোষৰ পাত্ৰ হ’বলগীয়া হৈছিল। এনে পেক্ষাপটতে তেওঁক প্ৰধানমন্ত্ৰীয়ে তলব কৰিছে বুলি চৰ্চিত হৈছে।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd