২০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ”ক লৈ উখল-মাখল বোকাখাতৰ জাতীয় বিদ্যালয় বাকৰি

জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত অহা ২৩, ২৪ আৰু ২৫মে’ত তিনিদিনীয়া কাৰ্যসূচীৰে বোকাখাতৰ জাতীয় বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হ’ব ২০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ,২০২৪।

উল্লেখযোগ্য যে ভাৰতবর্ষৰ বিজ্ঞান সংগঠনসমূহৰ সন্মিলিত অনুষ্ঠান ‘অল ইন্ডিয়া পিপ’লছ ছায়েন্স নেটৱৰ্ক’ৰ নেতৃত্বত বিজ্ঞানক জনমুখী কৰাৰ উদ্দেশ্যৰে ১৯৮৭ চনত এক প্রচাৰধর্মী অনুষ্ঠানৰ আৰম্ভ হৈছিল নাম কলাযাত্রা। জনসাধাৰণৰ সাক্ষৰতা অবিহনে বিজ্ঞান জনপ্রিয়কৰণৰ এই যাত্রা সফল নোহোৱাত ১৯৯০ চনত পূর্ণ সাক্ষৰতা অভিযানৰ লক্ষ্যও লগত লৈ গঠন হ’ল এক স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান জ্ঞান-বিজ্ঞান সমিতি। অসমতো নিৰক্ষৰতা দূৰীকৰণ, বিজ্ঞান জনপ্রিয়কৰণ, সামাজিক উন্নয়নৰ লক্ষ্য আৰু উদ্দেশ্য সৰোগত কৰি ১৯৯০ চনৰ ১৮ জুলাইত জন্ম লাভ কৰে জ্ঞান-বিজ্ঞান সমিতি অসম-এ। ৰাজ্যিক সমিতিসমূহৰ সমন্বয়ৰক্ষী অনুষ্ঠান হিচাপে ৰাষ্ট্রীয় স্তৰত কার্যনির্বাহ কৰি আছে ভাৰত জ্ঞান বিজ্ঞান সমিতিয়ে।

শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সৃজনীশীলতা, সামাজিক, ভাতৃত্বভাৱ, সামুহিক কাম কৰাৰ কৌশল আয়ত্ব কৰাৰ গুণ অর্জন কৰাৰ বাবে ১৯৯৪ চনৰ পৰা প্রতি বছৰে ৰাজ্যিক স্তৰত শিশু বিজ্ঞান সমাৰোহ (পূর্বৰ নাম “শিকাৰ আনন্দ উৎসৱ-Joy Of Learning”) অনুষ্ঠিত হৈ আহিছে। ষষ্ঠৰ পৰা অষ্টম শ্রেণীৰ ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰা এই সমাৰোহত অংক, বিজ্ঞান, পৰিবেশ, অৰিগামী, জ্যোতির্বিজ্ঞান, গীত-নাট আদি শিকন কোণত আমোদৰ মাজেৰে, খেলৰ মাজেৰে শিক্ষা প্রদান কৰা হয়। সমাৰোহত শিশুসকল স্থানীয় শিশুৰ ঘৰত ৰাতি আলহী হিচাপে ৰখাৰ ব্যৱস্থাটো সমাৰোহৰ এটি অন্যতম বৈশিষ্ট্য।

সাম্প্রদায়িকতা, ধর্মীয় উন্মাদনা, কু-সংস্কাৰ অন্ধবিশ্বাস, অজ্ঞানতা, নিৰক্ষৰতা, অনগ্রসৰতাক আঁতৰাই বিজ্ঞান মনস্কতাৰ ভেটিত এখন সুস্থ সবল, উন্নত সমাজ গঢ় দিয়াত জ্ঞান-বিজ্ঞান সমিতি, অসমৰ এই যাত্রাত গোলাঘাট জিলাৰ হৈ বোকাখাতো এই বৰ্ষত অংশীদাৰ হৈছে।

বোকাখাত বাসীৰ আন্তৰিক প্ৰচেষ্টাত অহা ২৩, ২৪ আৰু ২৫ মে তাৰিখে তিনিদিনীয়া কাৰ্য্য সূচীৰে বোকাখাত জাতীয় বিদ্যালয় বাকৰিত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ‘২০২৪ অনুষ্ঠিত হব। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৫০ গৰাকী শিশুয়ে অংশগ্রহণ কৰিব লগা এই সমাৰোহ খনি ২৩ মে বৃহস্পতিবাৰে পূৱা ৯ বজাত পতাকা উত্তোলন কাৰ্য্য সূচীৰে শুভাৰম্ভ কৰা হব। প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বিৰুবালা ৰাভা সোঁৱৰণত উৎসৰ্গিত এই সমাৰোহ খনিত পূৱা  ৯.৩০ বজাত তেখেত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছতে কাজিৰঙা শিকনকোণ, গ্ৰন্থ মেলা, আৰু বোকাখাতৰ যুৱবিজ্ঞানী তথা প্ৰকৃতিপ্ৰেমী সকলৰ কৰ্মৰাজীৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে আৰু অতিথি শিশু সকলৰ কাজিৰঙা ভ্ৰমন কাৰ্য্য সূচিৰে দিনটোৰ সামৰণি পৰিব।

দ্বিতীয় দিনা চাৰিটা শিকন কোণৰ উপৰিও পূৱা ১০.৩০ বজাত বোকাখাত চি এন বি মহাবিদ্যালয়ৰ সজাগতামূলক অনুষ্ঠান ” অন্ধবিশ্বাস দূৰীকৰণত আমাৰ কৰণীয়” ৰ লগতে বোকাখাত আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ অনুষ্ঠান আয়োজন কৰা হৈছে।

সমাৰোহৰ অন্তিম দিনটোত এটা শিকন কোণৰ পিচতে পুৱা ১০.৩০ বজাৰ পৰা মুকলি সভা আৰম্ভ হব। উক্ত অনুষ্ঠানত সমাৰোহ খনিৰ স্মৰনিকা ” মুক্তমন” উন্মোচন কৰিব ‘এচটেক’ ৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱাই, লগতে শান্তি স্বৰূপ ভাটনাগৰ পূৰস্কাৰপ্ৰাপ্ত বিজ্ঞানী বিনয় কুমাৰ শইকীয়াই শিশু সকলৰ লগত মত বিনিময় কৰিব। উল্লেখযোগ্য যে সমাৰোখনিৰ এক বিশেষ কাৰ্যসূচীত উপস্থিত থাকিব কটন বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামীও।শিশু সকলৰ সাংস্কৃতিক অনুষ্ঠানেৰে বিয়লি ৩ বজাত সমাৰোহৰ অন্ত পৰিব।

তদুপলক্ষে আজি বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেল যোগে সমাৰোহখনিত থাকিব লগা কাৰ্যসূচীৰ বিস্তৃত বিৱৰণ দাঙি ধৰে জ্ঞান-বিজ্ঞান সমিতি অসম”ৰ হৈ অভ্যৰ্থনা সমিতিয়ে।লগতে সকলোকেইদিনৰ কাৰ্য্যসূচীতে বোকাখাতৰ সমূহ শিক্ষানুষ্ঠান আৰু ৰাইজক অংশগ্রহণ কৰি সমাৰোহ খনি সাফল্যমণ্ডিত কৰি তুলিবলৈ  আহ্বান জনায়  “জ্ঞান-বিজ্ঞান সমিতি অসম”ৰ হৈ অভ্যৰ্থনা সমিতিয়ে।