NORTHEAST NOW (Assamese)

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

উজনি অসমত বানৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। মঙলবাৰে বানৰ ফলত আৰু ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যখনৰ ১৬খন জিলাৰ ৫.৬৪ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বুলি চৰকাৰীভাৱে জনোৱা হৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত ১৩ জন লোকৰ মৃত্যু হৈছে। আনহাতে চৰাইদেউত ৫ জন, গোলাঘাটত ২ জন আৰু যোৰহাটত এজন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে এই বছৰৰ বানপানীত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সৰ্বমুঠ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে।

বৰ্তমান গোলাঘাট, কামৰূপ, হোজাই, ডিব্ৰুগড়, বিশ্বনাথ, ধেমাজি, শোণিতপুৰ, ওদালগুৰি, নগাঁও, চৰাইদেউ, কামৰূপ (মট্ৰো), যোৰহাট, তিনিচুকীয়া, কাৰ্বি আংলং, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ ৫ লাখ ৬৪ হেজাৰ ৬০০ জনৰো অধিক লোক বানপানীৰ কৱলত পৰিছে। ৰাজ্যখনৰ ৪৪ টা ৰাজহ চক্ৰৰ ৮৭২ খন গাঁও সম্পূৰ্ণৰূপে পানীৰ তলত আছে। ইয়াৰ ভিতৰত শিৱসাগৰত আটাইতকৈ বেছি ৩ লাখ ৫৯ হেজাৰ ৫৩৫ জন লোক ক্ষতিগ্ৰস্ত হৈছে। তাৰ পিছতে যোৰহাটত ৮৭ হেজাৰ ৬৬২ জন আৰু চৰাইদেউত ৭২ হেজাৰ ৬৪৬ জন লোক বানৰ কৱলত পৰিছে।

বৰ্তমান ৭১ টা আশ্ৰয় শিবিৰত ১২ হেজাৰ ২৮৪ জন লোকে আশ্ৰয় লৈ আছে আৰু ২০২ টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে। শিৱসাগৰ জিলাৰ শিৱসাগৰ চহৰ আৰু নাঙলমূৰাঘাটত দিখৌ আৰু দিচাং নদীৰ পানী বিপদসীমাৰ বহু ওপৰৰে বৈ আছে। সেইদৰে নেমাটিঘাটত ব্ৰহ্মপুত্ৰ, খোৱাঙত বুঢ়ীদিহিং আৰু গোলাঘাট আৰু নুমলীগড়ত ধনশিৰি নদীয়ে বিপদসীমা অতিক্ৰম কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত জনাইছে যে তেওঁ বুধবাৰৰ পৰা বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। তেওঁ চৰাইদেউ, নাজিৰা, শিৱসাগৰ, সোণাৰি, যোৰহাট আৰু টীয়কৰ বানপীড়িত অঞ্চল আৰু আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লব। ইতিমধ্যে বায়ুসেনা, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে।

বানপানীৰ বাবে ৰেলসেৱাও বেয়াকৈ প্ৰভাৱিত হৈছে। শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ আশে-পাশে বানপানী হোৱাৰ বাবে শিমলুগুৰি-নামতিআলি আৰু শিমলুগুৰি-চেলেংঘাট শাখাত ৰেল চলাচল বন্ধ কৰি দিয়া হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেই আবদ্ধ যাত্ৰীসকলৰ সুবিধাৰ বাবে শুকুৰবাৰলৈকে বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে। আনহাতে, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত মোবাইল সংযোগ সুচাৰুৰূপে চলি থাকিবলৈ দূৰসংযোগ বিভাগে অহা ২৪ জুলাইলৈকে এক বিশেষ ৰোমিং সেৱা মুকলি কৰিছে। ইয়াৰ ফলত গ্ৰাহকসকলে নিজৰ নেটৱৰ্ক নাথাকিলেও আন যিকোনো উপলব্ধ নেটৱৰ্কৰ জৰিয়তে কথা পাতিব পাৰিব।

Related News