• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 9:08 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আদালতত এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মঙলবাৰে আদালতত তেওঁৰ জেৰা সমাপ্ত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে প্ৰতিৰক্ষা পক্ষৰ উকীলসকলে জুবিন গাৰ্গক আদালতত এজন মদাহী হিচাপে প্ৰতিপন্ন কৰিবলৈ অহৰহ চেষ্টা চলাইছে। জুবিন গাৰ্গে অসমীয়া সমাজ আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানক আওকাণ কৰি তেওঁক কেৱল এজন নিচাসক্ত ব্যক্তি হিচাপে দেখুৱাবলৈ চেষ্টা কৰাত ভগ্নী পামী বৰঠাকুৰে গভীৰ দুখ প্ৰকাশ কৰিছে।

তেওঁ আক্ষেপ কৰি কয় যে যিজন মানুহে অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিলে, তেনে এজন ব্যক্তিক আদালতত মদাহী সজোৱাটো সঁচাকৈয়ে দুখজনক। প্ৰতিৰক্ষা পক্ষৰ এই দাবীক প্ৰশ্ন কৰি তেওঁ কয় যে যদি জুবিন সঁচাকৈয়ে তেনেকুৱাই আছিল, তেন্তে তেওঁ ইমানবোৰ গান লিখিবলৈ বা সুৰ দিবলৈ কেতিয়া সময় পালে? তেওঁৰ ৫২ বছৰীয়া জীৱনত অসমীয়া চিনেমাৰ বাবে কাম কৰিবলৈ, মানুহক সহায় কৰিবলৈ আৰু ইমানবোৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কেনেকৈ সক্ষম হ’ল বুলিও তেওঁ প্ৰশ্ন কৰে। প্ৰতিৰক্ষা পক্ষই জুবিন গাৰ্গৰ শিল্পীসত্তা আৰু সামাজিক অৱদানক একেবাৰে পাহৰি গৈ তেওঁ ২৪ ঘণ্টাই নিচাত আৱদ্ধ হৈ আছিল বুলি প্ৰমাণ কৰিব বিচৰা কাৰ্যই তেওঁক মৰ্মাহত কৰিছে।

Apply Now

ইয়াৰ উপৰিও প্ৰতিৰক্ষা পক্ষই জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে দাবী কৰে যে জুবিন ঘৰত প্ৰায় নাথাকেই আৰু বেছিভাগ সময় বাহিৰতেই কটায়। ভগ্নী পামীয়ে কয় যে যিজন ব্যক্তিয়ে নিজৰ গোটেই জীৱন অসম আৰু অসমীয়া সংস্কৃতিৰ বাবে উচৰ্গা কৰিলে, তেওঁৰ বিৰুদ্ধে এনে দাবী মানি লোৱা টান। পামীয়ে কয় যে তেওঁৰ ভাতৃয়ে অসমৰ বাবে কাম কৰি থাকোঁতেই প্ৰাণ হেৰুৱালে। আটাইতকৈ আচৰিত কথাটো হ’ল, প্ৰতিৰক্ষা পক্ষৰ উকীলসকলো অসমীয়া, কিন্তু জেৰাৰ সময়ত তেওঁলোকে নিজৰ পেচাৰ দোহাই দি সম্পূৰ্ণ বেলেগ ৰূপত আৱিৰ্ভাৱ হয়। আনকি জেৰা আৰম্ভ কৰাৰ আগতে একাংশ উকীলে নিজকে জুবিন গাৰ্গৰ ডাঙৰ অনুৰাগী বুলিও পৰিচয় দিছিল।

যোৱা চাৰি-পাঁচ দিন ধৰি চলা এই জেৰাৰ সময়ত পামী বৰঠাকুৰ কেইবাবাৰো আৱেগিক হৈ কান্দি পেলাইছিল। ভাতৃৰ মৃত্যু বা হত্যাৰ বিষয়ে বাৰে বাৰে আলোচনা কৰা আৰু অভিযুক্তসকলক সন্মুখত দেখি তেওঁ মানসিকভাৱে ভাগি পৰিছিল যদিও নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি তেওঁ নিজৰ স্থিতিত আৰু প্ৰমাণত অটল থাকে। জেৰাৰ সময়ত তেওঁক আৱেগিকভাৱে দুৰ্বল কৰি তেওঁৰ ভাষ্য সলনি কৰিবলৈ বা নিৰ্বাক কৰিবলৈ চেষ্টা কৰা হৈছিল নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ হয় বুলি উত্তৰ দিয়ে। তেওঁ কয় যে ভাতৃৰ হত্যাৰ বিষয়ে কোৱাৰ সময়ত তেওঁক আৱেগিক কৰিবলৈ কিছুমান প্ৰশ্ন কৰা হৈছিল, কিন্তু তেওঁ এই সকলোবোৰ প্ৰত্যাহ্বান সফলতাৰে অতিক্ৰম কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd