• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

গুৱাহাটীত পথ দুৰ্ঘটনাত মাহত ২১ জনকৈ লোকৰ মৃত্যু হয়

NE NOW NEWS ভৱেশ মেধি
গুৱাহাটী , March 18, 2020 4:42 pm

3 min read

damaged-car-1280x720.jpg1

প্ৰতিনিধিত্বমূলক ছবি

13.7k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত বছৰি  গড়ে ৯৬৮ টাকৈ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। আকৌ গুৱাহাটীত সংঘটিত  পথ দুৰ্ঘটনাত বছৰি  গড়ে  ২৬৩   জনকৈ  আৰু মাহত ২১ জনকৈ লোকৰ মৃত্যু হয়।  এই তথ্য কামৰূপ জিলা পৰিবহন প্ৰাধিকৰণৰ।

তথ্য মতে, গুৱাহাটীত দৈনিক গড়ে তিনিটাকৈ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। যোৱা বছৰ ছেপ্টেম্বৰত  কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা যান-বাহন সংশোধনী সম্পৰ্কীয় আইনখন কাৰ্যকৰী কৰাৰ সময়ত আশা কৰা হৈছিল যে গুৱাহাটীত ৰাজপথত পথ দুৰ্ঘটনাৰ সংখ্যা আৰু পথ দুৰ্ঘটনাত মানুহৰ মৃত্যুৰ সংখা হ্ৰাস পাব।

যানবাহন নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকৰে কঠোৰ আইনখন প্ৰৱৰ্তন কৰৰ পিছতে গুৱাহাটীত দুঘৰ্টনাৰ ঘটনা হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৰং বৃদ্ধিহে হৈছে। মনকৰিবলগীয়া যে আইনখন কাৰ্যকৰী হোৱাৰ পিছত যোৱা বছৰ  ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত যান-বাহন আৰক্ষী ব্যাপক তৎপৰতা দেখুৱাই তালাচী অভিযান চলাইছিল। যান-বাহনৰ প্ৰদূষণ পৰীক্ষা কৰা কেন্দ্ৰবোৰত যান-বাহনৰ বিশেষকৈ দুচকীয়া বাহনৰ প্ৰদূষণ পৰীক্ষা কৰাৰ বাবে হেতা-ওপৰা লগা দেখা গৈছিল।

কিন্তু সময় যোৱাৰ লগে লগে যান-বাহন আৰক্ষী আৰু জিলা পৰিবহন প্ৰাধিকৰণৰ দুৰ্বল ভুমিকা লোৱা দেখা যায়। যাৰ বাবে যান-বাহন নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰনয়ণ কৰা কঠোৰ আইনখনে গুৱাহাটীৰ পথ দুৰ্ঘটনাৰ সংখা আৰু পথ দুৰ্ঘটনা মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰিব পৰা নাই।

আকৌ গুৱাহাটীত মাহিলি  গড়ে ৮২ টাকৈ  পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। যোৱা ২০১৭  চনৰ পৰা  ২০১৯  চনলৈ গুৱাহাটীত ২৯৫৭ টা  পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ৭৯১ জন লোকৰ মৃত্যু হৈছে । তথ্য মতে, ২০১৭ চনত  মুঠ ৯৭৭ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত  ২৮৪  জন লোকৰ মৃত্যু হৈছে। আকৌ  ২০১৮ চনত  মুঠ  ১০৫১ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ২৫৮  জন লোকৰ মৃত্যু হৈছে। ২০১৯  চনত  মুঠ ৯২৯  টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ২৪৯ জন লোকৰ মৃত্যু হৈছে।

চৰকাৰী  তথ্য মতে যোৱা বছৰ জানুৱাৰীত ৮৪ টা পথ দুঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ২০ জন মানুহৰ মৃত্যু হৈছে। ঠিক সেইদৰে ফেব্ৰুৱাৰিত ৬৪ টা পথ দুঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত   ২৭  জন মানুহৰ মৃত্যু হৈছে । মাৰ্চত ৯১ টা পথ দুঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ২৭  জন মানুহৰ মৃত্যু হৈছে । এপ্ৰিলত ৬১ টা পথ দুঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ১৮ জন মানুহৰ মৃত্যু হৈছে। মে’ ত ৭৮ টা পথ দুঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ২৭ জন মানুহৰ মৃত্যু হৈছে। জুনত ৬০ টা পথ দুঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ১৪ জন মানুহৰ মৃত্যু হৈছে। জুলাইত ৭৫  টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ১৮ জন মানুহৰ মৃত্যু হৈছে। আগষ্টত ৭৭  টা পথ দুঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ১৯ জন মানুহৰ মৃত্যু হৈছে। ছেপ্টেম্বৰত ৭৫ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত  ২২ জন মানুহৰ মৃত্যু হৈছে। অক্টোবৰত ৭৯ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ১৯ জন মানুহৰ মৃত্যু হৈছে। নৱেম্বৰত ৯২  টা পথ দুঘৰ্টনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ২৬ জন মানুহৰ মৃত্যু হৈছে। ডিচেম্বৰত ৮৬ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত  ২৩ জন মানুহৰ মৃত্যু হৈছে।

ইয়াৰ পৰা দেখা যায় যে আইনখন গুৱাহাটীত কাৰ্যকৰী হোৱাৰ পিছতো পথ দুৰ্ঘটনাৰ সংখ্যা আৰু পথ দুৰ্ঘঘটনাত মানুহৰ মৃত্যু সংখ্যা হ্ৰাস পোৱা নাই বৰং পূৰ্বতকৈ  বৃদ্ধিহে পাইছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd