খানৌৰী সীমান্তত কৃষক-আৰক্ষীৰ সংঘৰ্ষ : হাৰিয়ানাত ২১ বছৰীয়া যুৱকৰ মৃত্যু!

পঞ্জাৱ-হাৰিয়ানাৰ খানৌৰী সীমান্তত হোৱা কৃষক-আৰক্ষীৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে এগৰাকী ২১ বছৰীয়া প্ৰতিবাদকাৰী কৃষকে।

জানিব পৰা মতে আজি হাৰিয়ানা আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মূৰত আঘাতপ্ৰাপ্ত হৈ কৃষকগৰাকীয়ে মৃত্যুক সাৱটি লয়। 

অভিযোগ অনুসৰি বুধবাৰে মনোহৰলাল খট্টৰ চৰকাৰৰ আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ বাবে কৃষকজন অসুস্থ হৈ পৰে। ইয়াৰ পিছতে আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তেওঁ আহত হয়। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতেই চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। 

ইপিনে বুধবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত হাৰিয়ানা আৰক্ষীয়ে এক্স হেণ্ডেলত লিখিছে, ‘‘কৃষকজনৰ মৃত্যুৰ খবৰটো মাথোঁ এটা উৰাবাতৰি। দাতা সিং-খানোৰী সীমান্তত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত আহত হয় দুজন আৰক্ষী আৰু এজন প্ৰতিবাদকাৰী। আটাইকেইজন চিকিৎসাধীন।” 

অৱশ্যে চিকিৎসালয়ৰ সূত্ৰ অনুসৰি আৰক্ষীয়ে টুইট কৰাৰ পিছতে যুৱ কৃষকজনৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে খানৌৰী সীমান্তত প্ৰতিবাদকাৰী কৃষকসকলে আন্দোলন তীব্ৰতৰ কৰি তোলে।

কৃষক নেতাসকলে দাবী কৰে যে এই অভিযানত এইটোৱেই প্ৰথম মৃত্যু। কৃষক নেতা বলদেৱ সিং ছিৰছাই কয় যে মৃত যুৱকজনৰ নাম শুভকৰন সিং।