NORTHEAST NOW (Assamese)

শোকাৱহ; ঘৰলৈ আহি থকা অৱস্থাত পথ দুৰ্ঘটনাত পুনৰ ২৪ গৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ কৰুণ মৃত্যু

May 16, 2020 10:27 am · এন ই নাও নিউজ

ল’কডাউন সময়ত নিজৰ ঘৰলৈ উভতি আহি থকা অৱস্থাত পথ দুৰ্ঘটনাত পুনৰ ২৪ গৰাকী প্ৰব্ৰজিত শ্ৰমিকে দেশত প্ৰাণ হেৰুৱাবলগীয়া হয়।

শুকুৰবাৰে উত্তৰপ্ৰদেশৰ ওৰিয়াত প্ৰব্ৰজিত শ্ৰমিক কঢ়িয়াই অনা এখন ট্ৰাকৰ অইন এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় য’ত ২৪ গৰাকী প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

জানিব পৰা মতে, শ্ৰমিক সকল ৰাজস্থানৰ পৰা নিজ গৃহলৈ উভতি আহি আছিল।

পথ দুৰ্ঘটনাটোত ২৪ গৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে আন বহু শ্ৰমিক আঘাতপ্ৰাপ্ত হয়।

উত্তৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে  দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত সকলো শ্ৰমিকক শীৰ্ঘে উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা শ্ৰমিক সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত মালবাহী ৰে’লৰ খুন্দাত ১৫ গৰাকী প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা ল’কডাউনৰ পাছত দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলে নিজ নিজ ৰাজ্যলৈ যিকোনো প্ৰকাৰে উভতি অহাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল।

১ মে’ৰ পৰা চৰকাৰে প্ৰব্ৰজিত শ্ৰমিক সকলক নিজৰ ঘৰলৈ ঘুৰাই অনাৰ বাবে বিশেষ শ্ৰমিক ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছিল।

Related News