• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

GMCH ৰ কৰ’না কক্ষত যন্ত্ৰণাত ভাগি পৰিল ৰোগী; কান্দি কান্দি ফোনত কি ক’লে মাতৃ-পত্নীক?

পক্ষাঘাত ৰোগী অমৰ জ্যোতি ডেকা বঞ্চিত ন্যুনতম সুবিধাৰ পৰা; অশান্তিত কটাইছে দিন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2020 10:13 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

GMCH ৰ কৰ’না কক্ষত মৰ্মান্তিক বেদনাৰ মাজৰে দিন কটাইছে জাগীৰোডৰ দুৰ্ভগীয়া কোভিড-১৯ আক্ৰান্ত ৰোগী অমৰ ডেকাই।

স্নায়বিক আৰু পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ থকা অমৰ এতিয়া এগৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগী। এতিয়া তেওঁৰ কাষত পৰিচৰ্য্যাকাৰী হিচাপে নাই মাতৃ আৰু পত্নী।

Apply Now

অমৰৰ মাতৃ আৰু পত্নী বৰ্তমান মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত কোৱাৰেন্টাইন হৈ আছে।

মাতৃ আৰু পত্নীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ন্যুনতম সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি গুৰুতৰ অভিযোগ তুলিলে দুৰ্ভগীয়া অমৰে।

‘তহঁত ক’ত গ’লি? মোক কোনেও একো সহায় নকৰে। তহঁত আঁতৰি গ’লি।মই ইয়াত বহুত কষ্ট কৰি সহ্য-মহ্য কৰি আছো। মোক কোনেও একো খুৱাই নিদিয়ে। মই কেনেকৈ খাওঁ মইহে জানো। মই নিজে ভাতো খাব নোৱাৰো। বাওঁহাতৰে দুচামুচ বা এচামুচ যেনে-তেনে যায় তাৰ পাছত চামুচখনেই পৰি থাকে।‘ পত্নী আৰু মাতৃৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত উচুপি উচুপি এইদৰে কয় অমৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে, দেহৰ সোঁফালটো সম্পূৰ্ণ অকামিলা অমৰক এতিয়া আহাৰ খোৱাৰ ক্ষেত্ৰতো সহায় কৰিবলৈ কাষত কোনো নাই।

অমৰে আৰু কয়, ‘এটা পেন্ট আৰু এটা স্পৰ্টিং চাৰিদিন পিন্ধি আছো। কান্দিছো চকুপানী ওলাইছে আৰু মুখতে শুকাইছে। মুখখন মচিবলৈয়ো কাপোৰ এখন নাই।যিদিনাখন ৰাতি শৌচ হৈ আছিল পেন্টৰে সৈতে হৈছিল। তেনেকৈয়ে শুই থাকিলো। বাথৰুম বিচাৰি বিচাৰি হাহাকাৰ।‘

ইয়াৰোপৰি, শৌচ-প্ৰসাৱ কৰিবলৈয়ো ওচৰত কোনোধৰণৰ টয়লেটৰ ব্যৱস্থা নাই বুলি অমৰে মাতৃৰ আগত অভিযোগ কৰে।

‘মোক যিটো ৰুমত ৰাখিছে সেইটো ৰুমত শুদা বিচনা তিনিখন, আই চি য়ু আছে। লেট্ৰিন বিচাৰি বিচাৰি বহুদূৰ যাব লাগে।অকলে অকলে লেট্ৰিন বিচাৰি ফুৰিছো মই।‘

ইপিনে, মাতৃয়ে অমৰৰ দেহাৰ অৱস্থা কেনেকুৱা বুলি সোধাত তেওঁ কয়, ‘মোৰ আগৰ নিচিনাই। নতুনকৈ একো হোৱা নাই।কিন্তু বহুত অশান্তিত দিন কটাইছো। ভোক লাগিলেও ভাতকেইটা ভালদৰে খাব নোৱাৰো।চাহ দিলেও চাহৰ গিলাচটো লুটি খাই পৰি থাকে মুখৰ ওচৰ নাপায়হি।‘

‘আপুনি কান্দি হতাশ নহ’ব।‘অসহায় পত্নীয়ে উৎসাহ দি অমৰক এইদৰে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে মাতৃ-পত্নীক অমৰৰ লগত চিকিৎসা আৰু সহায়ক হিচাপে চাৰি-পাঁচগৰাকীকৈ চিকিৎসক নাৰ্চ নিয়োগ কৰা হৈছে বুলি মাতৃক চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা কোৱা হৈছিল যদিও অমৰে সেয়া নস্যাৎ কৰি কয় ‘এয়া সম্পূৰ্ণ মিছা কথা। এজনো নাই মোক সহায় কৰা।‘

ইপিনে, এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কোৱাৰেন্টাইনত থকা অমৰৰ মাতৃয়ে GMCH কৰ্তৃপক্ষলৈ আহ্বান জনাই কয়, ‘তাক যেনেকৈ নিয়া হৈছে তেনেকৈ শুশ্ৰুষা কৰিলে ভাল পাওঁ। উন্নত চিকিৎসা কৰে যেন সেইটো কৰিলে ভাল পাওঁ। সি লেট্ৰিন বা বাথৰুমলৈ যোৱাৰ সময়ত যেন চকু দিয়ে।‘

অমৰে অনা এনেবোৰ অভিযোগৰ পাছতে এতিয়া জিএমচিএইচৰ কোভিড কক্ষ পোতাশাল নেকি? বুলিও বহুতে প্ৰশ্ন কৰিছে।

অমৰে সন্মুখীন হোৱা এনেবোৰ সমস্যা তথা যি অভিযোগ মাতৃৰ আগত কৰিলে তাৰ এক উচিত তন্ত হ’ব নে? নে এনেদৰেই এৰি দিয়া হ’ব কোভিড আক্ৰান্ত ৰোগীসকলক?

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিসময়ত কোভিড-১৯ আক্ৰান্ত ৰোগীসকলক অতি উন্নত ব্যৱস্থাৰে চিকিৎসা সেৱা প্ৰদান কৰি অহাৰ কথা কৈ আহিছিল সেই সময়ত  চিকিৎসাখণ্ডৰ হৃদপিণ্ডস্বৰূপ জিএমছিএইচৰ এনেবোৰ ছবিহে এতিয়া পোহৰলৈ আহিছে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd