• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰে ভাৰতক গতাই দিয়া ২২জন উগ্ৰপন্থীৰ ঘটনাই অসমৰ বাবে কি বাৰ্তা আনিছে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2020 10:44 am
_a3531196-970b-11ea-a968-2ed746e9a968 new

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ম্যানমাৰ প্ৰতিৰক্ষা সেৱাৰ কমাণ্ডাৰ ইন চীফ জেনেৰেল মিন আং হিলিয়াং। ফটো: হিন্দুস্তান টাইমছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰ সেনা তাতমাদাৱে শুকুৰবাৰে ২২ গৰাকী “ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী”ক ভাৰতৰ হাতত গতাই দিয়াৰ পাছত স্বাভাৱিকতে বিষয়টোৱে সুদূৰপ্ৰসাৰী প্ৰভাৱৰ ইংগিত বহন কৰিছে।

প্ৰথমবাৰৰ বাবে ম্যানমাৰ সেনাই উত্তৰ-পূবৰ “ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী”ক এইদৰে ভাৰতৰ হাতত গতাই দিছে।

Apply Now

ম্যানমাৰে ভাৰতক গতাই দিয়াসকলৰ ভিতৰত আছে এন ডি এফ বি (এছ)ৰ স্বয়ম্ভূ গৃহ মন্ত্ৰী ৰাজেন দৈমাৰী, ইউ এন এল এফৰ স্বয়ম্ভূ কেপ্তেইন চানাত’ম্বা নিংথৌজাম আৰু PREPAK (Pro)ৰ লেফটেনেণ্ট পাচুৰাম লাইচৰাম।

এই ২২ গৰাকী উগ্ৰপন্থীক ম্যানমাৰৰ চাগাইং ডিভিজনত যোৱা কেইটামান সপ্তাহত ধৰা পেলোৱা হৈছিল বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে।

ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাই দিয়া এই ২২ গৰাকী বিদ্ৰোহীৰ ১২ গৰাকী মণিপুৰৰ চাৰিটা পৃথক গোট– UNLF, PREPAK (Pro), KYKL আৰু PLAৰ।

বাকী ছজন বিদ্ৰোহী এন ডি এফ বিৰ আৰু চাৰিজন কমতাপুৰ লিবাৰেচন (এছ) অৰ্গেনাইজেচনৰ।

ম্যানমাৰৰ এই সিদ্ধান্তই দুয়োখন চুবুৰীয়া দেশৰ মাজত সুৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত নতুন দিশৰ উন্মোচন ঘটাব বুলি আশা কৰা হৈছে।

ইতিমধ্যে ভাৰতে ম্যানমাৰৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ দিশত বহুখিনি কাম কৰিছে।

উল্লেখ্য যে ম্যানমাৰৰ সৈতে যোগাযোগ বৃদ্ধিৰ লগতে এক্ট ইষ্ট পলিচিৰ অধীনত উত্তৰ-পূব এছিয়াত বাণিজ্যিক সম্প্ৰসাৰণৰ লক্ষ্য আগত ৰাখি কালাদন বহুমুখী প্ৰকল্পৰ দৰে বহু আঁচনি লোৱা হৈছে।

শুকুৰবাৰে ভাৰতক গতাই দিয়া উগ্ৰপন্থীকেইজনৰ মাজত আলফাৰ কোনো সদস্য নাই।

কিন্তু আলফাকে ধৰি উত্তৰ-পূব ভাৰতৰ প্ৰায় সকলো বিদ্ৰোহী গোটে আপাৰ ম্যানমাৰত বিশেষকৈ কাচিনত থকা প্ৰশিক্ষণ শিৱিৰৰ পৰা কামকাজ চলাই অহাৰ বাতৰি প্ৰকাশ পাই আহিছে।

অসমৰ উগ্ৰপন্থী সংগঠন, বিশেষকৈ আলফাই আশ্ৰয় গ্ৰহণ কৰি থকা দেশকেইখনৰ ভিতৰত ম্যানমাৰ হৈছে অন্যতম।

ইতিমধ্য চুবুৰীয়া ভূটান আৰু বাংলাদেশত আলফাৰ ঘাটি প্ৰায় সম্পূৰ্ণ উৎখাত হৈছে আৰু দুয়োখন দেশেই এতিয়া ভাৰতৰে সৈতে অত্যন্ত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি চলিছে।

ম্যানমাৰৰ সৈতে ভাৰতৰ শেহতীয়া বুজাবুজিয়ে দেশখনত থকা আলফাৰ দৰে উগ্ৰপন্থী গোটৰ আশ্ৰয় ঘাটি ধ্বংস কৰিব বুলি ভৱা হৈছে।

সেয়ে হ’লে আলফাৰ শেষ আশ্ৰয়ৰ বাবে চুবুৰীয়া একমাত্ৰ চীন দেশখনেই থাকিব। বিভিন্ন সূত্ৰই ইতিমধ্যে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা চীনক থকাৰ কথা প্ৰকাশ কৰিছে।

উত্তৰ-পূব তথা অসমৰ শক্তিশালী উগ্ৰপন্থী সংগঠন বুলি ধাৰণা কৰা আলফাৰ বিপৰ্যয় আৰম্ভ হোৱাৰ সময়তে ভাৰত চৰকাৰে অসমৰ যুৱ প্ৰজন্মক কি বাৰ্তা দিব পাৰে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

অসমত আলফাৰ উত্থানৰ প্ৰেক্ষাপটৰ ভিত্তিত ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণে উত্থাপন কৰি অহা সমস্যাসমূহৰ উপযুক্ত সমাধানৰ দিশত ভাৰত চৰকাৰে কি পদক্ষেপ ল’ব?

অসমত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিবনে চৰকাৰে? অসমীয়াৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত খিলঞ্জীয়াৰ বাবে ভূমিৰ অধিকাৰকে ধৰি ভাষা-সংস্কৃতি-পৰম্পৰা সুৰক্ষিত কৰিবলৈ চৰকাৰে তৎপৰতা প্ৰদৰ্শন কৰিবনে?

ইতিমধ্যে, এই বিষয়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি আহিছে যদিও প্ৰথমটো কাৰ্যকাল সমাপ্তিৰ দিশে আগবঢ়াৰ সময়ত এইক্ষেত্ৰত কোনো অগ্ৰগতি পৰিলক্ষিত নহ’ল।

শেহতীয়াকৈ উজনি অসমত বহুকেইজন অসমীয়া যুৱক আলফাত যোগদান কৰাৰ বাতৰি প্ৰকাশ পাইছিল। স্বাভাৱিকতে চৰকাৰে এই বিষয়ত চিন্তা-চৰ্চা কৰিছে।

অসমত উগ্ৰপন্থী সমস্যাটো কেবল আইন-শৃংখলাজনিত সমস্যা হিচাপে ধৰি ল’লে ৰাজ্যখনত স্থায়ী শান্তিৰ পৰিৱেশ আশা কৰাটো হয়তো সম্ভৱ নহ’ব।

অসমৰ খিলঞ্জীয়া লোকৰ ভূমিৰ ওপৰত অধিকাৰ নিশ্চিত কৰাটো এইক্ষেত্ৰত প্ৰাথমিক চৰ্ত বুলি ধৰি ল’ব পাৰি।

অসমত চলি থকা বিদেশী প্ৰব্ৰজনৰ সমস্যাটোৰ লগতে বহিৰাগতৰ আগ্ৰাসনো নিয়ন্ত্ৰণ নহ’লে অসমীয়া জনসাধাৰণৰ দীৰ্ঘদিনীয়া অৱহেলা-বঞ্চনাৰ অভিযোগে পুনৰ কোন মুহূৰ্তত সাৰ পাই উঠে তাৰ কোনো নিশ্চয়তা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd