• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিজোৰামত নিৰ্মাণৰত ৰে’ল দলং ভাঙি মৃত্যু হোৱা লোকৰ ২৪ জনেই পশ্চিমবংগৰ মালদাৰ শ্ৰমিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2023 9:26 am
মিজোৰামৰ দলং দুৰ্ঘটনাত নিহত  পশ্চিমবংগৰ মালদাৰ শ্ৰমিকৰ গাঁৱত প্ৰশাসনৰ বিষয়া। ফটো: সংগ্ৰহীত।

মিজোৰামৰ দলং দুৰ্ঘটনাত নিহত পশ্চিমবংগৰ মালদাৰ শ্ৰমিকৰ গাঁৱত প্ৰশাসনৰ বিষয়া। ফটো: সংগ্ৰহীত।

493
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে পুৱা এখন নিৰ্মাণৰত ৰে’ল দলং ভাঙি মিজোৰামত সংঘটিত হোৱা ভয়াবহ দুৰ্ঘটনাটোত পশ্চিমবংগৰ মালদাৰ বহু প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু হয়। মুঠ ৩৫ জন লোকৰ মৃত্যু হোৱা বুলি আশংকা কৰা এই দুৰ্ঘটনাত কেৱল মালদা জিলাৰে ২৪ জন শ্ৰমিকৰ মৃত্যু হৈছে।

ৰাজ্যৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত কুৰুং নদীৰ ওপৰত নিৰ্মাণ হৈ থকা আইজলৰ সমীপৰ চৈৰাং অঞ্চলৰ দলং নিৰ্মাণ স্থানত মৃত্যু হোৱাসকলৰ ভিতৰত অধিকাংশই মালদাৰ পুখুৰীয়া আৰু ইংলিছবজাৰৰ।

এজন জ্যেষ্ঠ জিলা বিষয়াই কয়, “মালদাৰ পৰা মানুহ প্ৰব্ৰজিত শ্ৰমিক হিচাপে দেশৰ বিভিন্ন প্ৰান্তলৈ যায়… ৰাজ্য চৰকাৰে ৰাজ্যত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে, কিন্তু চাকৰিৰ চাহিদা যে যোগানতকৈ বহু বেছি তাত কোনো সন্দেহ নাই।”

বিষয়াগৰাকীয়ে বংগ আৰু অন্যান্য ৰাজ্যৰ মজুৰিৰ আপেক্ষিক পাৰ্থক্যৰ কথা উল্লেখ কৰে, যিয়ে এই ৰাজ্যৰ পৰা প্ৰব্ৰজিত শ্ৰমিকক যাবলৈ প্ৰলোভিত কৰে।

লগতে পঢ়ক: ৰাছিয়াত বিমান দুৰ্ঘটনাত নিহত পুটিনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ‘ৱেগনাৰ’ৰ মুৰব্বী প্ৰিগ’জিন

প্ৰব্ৰজিত শ্ৰমিকৰ সৈতে কাম কৰা এটা বেচৰকাৰী সংস্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে মিজোৰামৰ এই সকলো শ্ৰমিকে মাহে ১৫ হাজাৰৰ পৰা ২০ হাজাৰ টকাৰ ভিতৰত উপাৰ্জন কৰি আছিল…. শ্ৰমিকৰ কাম কৰি এনে ধন উপাৰ্জন কৰাটো বংগৰ বেছিভাগ ঠাইতে সম্ভৱ নহয়।

ঘটনাৰ লগে লগে মালদাৰ জিলা প্ৰশাসনে অসমত থকা তেওঁলোকৰ সমপৰ্যায়ৰ বিষয়াসকলৰ সৈতে যোগাযোগৰ আৰম্ভ কৰে। এজন বিষয়াই জনোৱা মতে, মালদাৰ বিভিন্ন গাঁৱৰ কমেও ৩৫ জন শ্ৰমিকে এই স্থানত কাম কৰি আছিল। প্ৰায় ডেৰ মাহ পূৰ্বে নিৰ্মাণ প্ৰকল্পৰ বাবে গুচি গৈছিল আৰু এজন শ্ৰমিক ঠিকাদাৰে তেওঁলোকক নিয়োগ কৰিছিল।

বিষয়াগৰাকীয়ে লগতে কয়, ‘দুৰ্ঘটনাটোৰ পৰা হাত সৰা আন কিছুমান শ্ৰমিকৰ পৰা আমি যিখিনি জানিব পাৰিছো সেয়া হ’ল যে এই ধ্বংস হঠাতে হৈছিল আৰু বেছিভাগ শ্ৰমিকে নিজকে বচাবলৈ সুযোগ নাপালে। প্ৰথম অৱস্থাত ১৯ জন লোকৰ খবৰ পোৱা গৈছিল যদিও পিছত জিলাখনৰ ২৪ জন লোকৰ মৃত্যু হোৱা খবৰ নিশ্চিত হৈছে।’

মালদা জিলা প্ৰশাসনৰ বিষয়াসকলে মৃতদেহবোৰ ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক: দবা বিশ্বকাপৰ ফাইনেলৰ দ্বিতীয় ৰাউণ্ডো ড্ৰ’; টাইব্ৰেকাৰলৈ বিশ্বৰ ১ নম্বৰ কাৰ্লচেনৰ বিৰুদ্ধে ভাৰতীয় প্ৰজ্ঞানন্দৰ যুঁজ

জিলা দণ্ডাধীশ নীতিন সিংহানিয়াই কয় যে, ‘আমি প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু হোৱা তালিকা প্ৰস্তুত কৰি আছো।মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আমি তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছো।‘

মালদাৰ নিহতসকলৰ ভিতৰত ১৩জন পুখুৰীয়া থানাৰ অন্তৰ্গত চৌদুৱাৰ নামৰ এখন গাঁৱৰ। ইংলিছবজাৰ থানাৰ সত্তৰী বিনোদপুৰ অঞ্চলৰ চাৰিজন শ্ৰমিকেও প্ৰাণ হেৰুৱাইছে। বাকী কেইজন গাজোলে আৰু কলিয়াচক থানা এলেকাৰ।

চৌদুৱাৰত এই ঘটনাত এটা পৰিয়ালৰ ছয়জন সদস্যৰ মৃত্যু হয়। তেওঁলোক হ’ল- ছাইদুৰ ৰহামান (৩০) আৰু মোজাফ্ফাৰ আলী (৩০) যিসকল খুলশালীয়েক, তেওঁলোকৰ ভতিজা ৱাছিম শ্বেখ (১৯), চেবু শ্বেখ (২১), ৰহামান আনছাৰুল শ্বেখ (১৯) আৰু মোশ্বাৰফ শ্বেখ (২০)। এয়া এক মৰ্মান্তিক ঘটনা।

সেইদৰে, সত্তৰীত এই দুৰ্ঘটনাত এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। চল্লিশৰ উৰ্ধৰ ৰঞ্জিত সৰকাৰ, বিশৰ দেওনা গৰকা তেওঁৰ পুত্ৰ সুমন আৰু আন এজন আত্মীয় জয়ন্ত, দুয়োজনেই দলঙৰ এটা অংশ ভাঙি পৰাত ধ্বংসাৱশেষৰ তলত চেপা খাই পৰে।

লগতে পঢ়ক: বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা, অধ্যয়ন কৰিব লাগিব দুটা ভাষা; একাদশ-দ্বাদশ শ্ৰেণীত এলানি পৰিৱৰ্তন

উল্লেখ্য যে পশ্চিমবংগৰ প্ৰব্ৰজিত শ্ৰমিকৰ সংখ্যা বেছি থকা জিলাসমূহৰ ভিতৰত মালদা অন্যতম, যিখন জিলাৰ সংখ্যালঘু জনসংখ্যা প্ৰায় ৫২ শতাংশ।

তদুপৰি, মালদাত খহনীয়া এটা ডাঙৰ সমস্যা। খহনীয়াৰ ফলত সকলো হেৰুৱাই বহু লোকে চাকৰিৰ বাবে আন ৰাজ্যলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে।

Recent News

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

উত্তৰ-পূবৰ ৰাজনীতিত জোকাৰণি! কিয় হঠাতে দলৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কিকনে?

উত্তৰ-পূবৰ ৰাজনীতিত জোকাৰণি! কিয় হঠাতে দলৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কিকনে?

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd