• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ নিষিদ্ধ ঘোষিত ড্ৰাগছ অথবা হিৰোইন নহয় অসম চৰকাৰে নষ্ট কৰিলে গঁড়ৰ খৰ্গ!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2021 4:34 pm
Rhino Horns To Be Burned
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২২ ছেপ্টেম্বৰ আন্তৰাষ্ট্ৰীয় গড় দিৱসৰ দিনাই জ্বলাই নষ্ট কৰি দিয়া হ’ল গঁড়ৰ খৰ্গসমূহ।

কিয় অসম চৰকাৰে জ্বলাই নষ্ট কৰি দিলে এই গঁডৰ খৰ্গসমূহ?

Apply Now

অসম চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত মৰ্মে ৰাজ্যত বন বিভাগত মজুত থকা প্ৰায় ২৫০০ টা গঁড়ৰ খৰ্গ জ্বলাই নষ্ট কৰা হয়।

চৰকাৰে কৈছে যে জনসাধাৰণৰ মাজত জনসজাগতা বৃদ্ধিৰ বাবেই গঁড়ৰ এই বৃহৎসংখ্যক খৰ্গ জ্বলাই নষ্ট কৰা হয়।

উল্লেখ্য যে বিভিন্ন সময়ত বনবিভাগে জব্দ কৰা গঁডৰ খৰ্গসমূহ ৰাজ্যৰ বিভিন্ন কোষাগাৰসমূহত মজুত আছিল।

২০১৬ চনতে ৰাজ্যৰ ১২ টা কোষাগাৰত মজুত থকা গঁড়ৰ খৰ্গসমূহ পৰীক্ষা কৰিবলৈ এখন ৰাজ্যিক পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল। ৰাজ্যিক পৰ্যায়ৰ সমিতিয়ে বিভিন্ন জিলাক সামৰি সাতখন আঞ্চলিক সমিতি গঠন কৰে।

পশু চিকিৎসা চিকিৎসক, এনজিঅ’ কৰ্মী, বন বিভাগৰ বিষয়া আৰু অন্যান্যসকলক আঞ্চলিক সমিতিৰ সদস্য কৰি উক্ত সমিতিয়ে ৰাজ্যৰ বিভিন্ন কোষাগাৰত মজুত থকা গঁড়ৰ খৰ্গসমূহ ইতিমধ্যে পৰীক্ষা কৰা হৈছে।

এই পৰীক্ষণৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যিক বন বিভাগে বন্যপ্ৰাণী (সুৰক্ষা) আইন-১৯৭২ৰ ধাৰা ৩৯ৰ অধীনত গঁড়ৰ খৰ্গসমূহ জ্বলাই নষ্ট কৰাৰ বাবে প্ৰস্তুতি চলায়। গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতে বিভাগটোৱে যোৱা ২৯ আগষ্টত অসম বন বিদ্যালয় ৰাজহুৱা শুনানি অনুষ্ঠিত কৰে।

বনবিভাগৰ সূত্ৰ মতে কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি এই খৰ্গসমূহ আগতেই নষ্ট কৰিব লাগিছিল। এই খৰ্গসমূহ কোষাগাৰত মজুত ৰখাটো অতি প্ৰত্যাহ্বানমূলক হৈ পৰা বুলিও প্ৰকাশ কৰিছিল বনবিভাগে। বিভাগৰ মতে গঁড়ৰ খৰ্গৰ প্ৰতি জনসাধাৰণৰ কিছুমান অলীক আৰু কল্পনাপ্ৰসূত ধাৰণা থকাৰ লগতে ঔষধি প্ৰস্তুতকৰণ আদি কুসংস্কাৰ দূৰ হ’ব।

উল্লেখ্য যে গঁড়ৰ খৰ্গৰ পৰা কামোদ্দীপক ঔষধ প্ৰস্তুত কৰা হয় বুলি প্ৰচাৰ কৰা হয়। আৰু এই ভ্ৰান্ত ধাৰণাৰ ওপৰত ভিত্তি কৰিয়ে দক্ষিণ পূৱ এছিয়াত গঁড়ৰ খৰ্গৰ এখন আন্তৰাষ্ট্ৰীয় চোৰাং বজাৰ চলি থকা বুলি কোৱা হৈছে। যিখন বজাৰত গঁড়ৰ এটা খৰ্গৰ মূল্য ১ মিলিয়ন মাৰ্কিন ডলাৰ পৰ্যন্ত হয়।

ইয়াৰ বাবেই অসমত উপলব্ধ এশিঙীয়া গঁড়ক চোৰাংচিকাৰীয়ে নিধন কৰি আহিছে। আৰু এইদৰে চোৰাং চিকাৰীৰ হাতৰ পৰা জব্দ কৰা এই বৃহৎ পৰিমাণৰ খৰ্গসমূহকে বিশ্ব গঁড় দিৱসৰ দিনা জ্বলাই নষ্ট কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ।

অৱশ্যে চৰকাৰৰ এই প্ৰচেষ্টাক প্ৰকৃতিপ্ৰেমীৰ লগতে কিছু লোকে বিৰোধ কৰিছে। তেওঁলোকৰ মতে চৰকাৰে প্ৰকৃত খৰ্গবোৰ বিক্ৰী কৰি কিছুমান ভুৱা খৰ্গ জ্বলাই নষ্ট কৰি বাহঃ বাহঃ ল’ব খুজিছে। উপ নিৰ্বাচনক লক্ষ্য কৰিও চৰকাৰে এই কাম এতিয়াই হাতত লোৱা বুলি ধাৰণা কৰা হৈছে।

বহু বছৰ আগতে, উত্তৰ-পূব ভাৰতৰ সক্ৰিয় পৰিৱেশ সংৰক্ষণ সংস্থা নেচাৰ্ছ বেকনে ভাৰত চৰকাৰে ১৯৭২ চনত বন্যপ্ৰাণী সুৰক্ষা আইন গ্ৰহণ কৰাৰ পিছতো ৰাজ্যিক বন বিভাগে গঁড়ৰ খৰ্গ বিক্ৰী কৰা বুলি দাবী কৰিছিল।

বেকনৰ মতে বিভাগটোৱে ১৯৭২-৭৩ চনত ১৩ টা, ১৯৭৩-৭৪ চনত ১৯ টা, ১৯৭৪-৭৫ চনত ৪০ টা, ১৯৭৫-৭৬ চনত ১৮টা, ১৯৭৬-৭৮ চনত ২৭ টা, ১৯৭৭-৭৮ চনত ৪২ টা, ১৯৭৮-৭৯ চনত ৬৩টা, ১৯৭৮-৭৯ চনত ৬৩ টা, ১৯৭-৭৯-৮০ চনত ৬১ টা গঁড়ৰ খৰ্গ বিক্ৰী কৰিছিল।

এই ধৰণৰ দাবীয়ে অসম চৰকাৰ গঁড় খৰ্গ জ্বলাই নষ্টকৰণ প্ৰক্ৰিয়াটোক সন্দেহৰ আৱৰ্তলৈ লৈ গৈছে। গঁড়ৰ খৰ্গৰ ঔষধী গুণ নাথাকিলেও বা ইয়াৰ কামোদ্দীপক ঔষধ প্ৰস্তুত কৰাতো সত্য নহ’লেও আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত যে এটা খৰ্গৰ মূল্য কোটিৰ ঘৰত সেয়া সত্য। বেকনে দাবী কৰা মতে বনবিভাগে উক্ত ৩৪৬ টা খৰ্গ আন্তঃৰাষ্ট্ৰীয় বজাৰতে বিক্ৰী কৰিছিল।

ইফালে গঁড়ৰ খৰ্গসমূহ জ্বলাই নষ্ট কৰাতো বিৰোধিতা কৰি আহিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিধায়ক গগৈয়ে খৰ্গসমূহ গঁড়ৰ খৰ্গসমূহ সংগ্ৰহালয়ত সংৰক্ষণ কৰাৰ দাবী কৰি কোনো প্ৰকৃতি প্ৰেমীয়ে এই ধ্বংসক সমৰ্থন কৰিব নোৱাৰে বুলিও মন্তব্য কৰিছে।

সামাজিক মাধ্যমতো কিছু লোকে গঁড় খৰ্গ নষ্টকৰণ প্ৰক্ৰিয়াটোক সহজভাৱে ল’ব পৰা নাই। আম্তঃৰাষ্ট্ৰীয় বজাৰ আকাশলংঘী বজাৰ মূল্য থকা খৰ্গসমূহক যে পৰীক্ষৰণৰ দ্বাৰা জ্বলাই নষ্ট কৰিলেও যে তাৰ মাজতো সুৰঙা ৰাখি ভুৱা খৰ্গ যে নজ্বলাব তাকো নুই কৰিব নোৱাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd