দীপাৱলীৰ সময়ত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত গঢ়ি উঠা জুৱাৰ চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান চলাই মুঠ ২৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে।
গুৱাহাটী মহানগৰীৰ জালুকবাৰী, ফটাশিল আমবাৰী, বশিষ্ঠ, পল্টন বজাৰ, দিছপুৰ, হাতীগাঁও আদিৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই জুৱাৰ চক্ৰ সমূহ উৎখাত কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ অভিযানত ২৫ গৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ লগতে মুঠ ১৩,৪৮৫ টকা নগদ ধন জব্দ কৰা হয় বুলি জানিব পৰা গৈছে।
আনহাতে, আটকাধীন লোকসকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ১৩ টা গোচৰ ৰুজু কৰিছে বুলি মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে তথ্য প্ৰকাশ কৰে।
‘‘আমি দীপাৱলীৰ এদিন আগৰে পৰা আৰু দীপাৱলীৰ দিনাখনো গুৱাহাটীৰ যিবোৰ অঞ্চলত জুৱাৰ চক্ৰ চলি আছে বুলি তথ্য লাভ কৰিছো সকলোবোৰতে অভিযান চলাই জুৱাৰীসকলক আটক কৰিছো,’’ দীপক কুমাৰে সংবাদ মাধ্যমৰ আগত কয়।
উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীৰ লগতে গোৱালপাৰা, মঙলদৈ, তিনিচুকীয়া আদিকে ধৰি অসমৰ বিভিন্ন জিলাত দীপাৱলীৰ সময়ত জুৱাৰ মুকলি বেহা গঢ় লৈ উঠিছিল।
বিভিন্ন স্থানত আনকি জুৱাৰীসকলে খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আৰু অভিযানকাৰী আৰক্ষীৰ দলকো আক্ৰমণ কৰা খবৰ প্ৰকাশিত হৈছে।