ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ অভিযান: গ্ৰেপ্তাৰ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ২৫ সদস্য

PFI activists arrested in Assam

ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে দেশজুৰি চলি থকা অভিযানৰ সমসাময়িকভাৱে আজি পুৱা অসম আৰক্ষীয়েও নিৰন্তৰ অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২৫ গৰাকী পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া কৰ্মীক গ্ৰেপ্তাৰ কৰে।

অসম আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ইছলামিক সংগঠনটোৰ কৰ্মীসকলক নামনি অসমৰ গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), ধুবুৰী, বৰপেটা, বাক্সা, দৰং, ওদালগুৰি আৰু কৰিমগঞ্জ জিলাৰ পৰা আটক কৰা হৈছে।

২২ ছেপ্টেম্বৰৰ পৰা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে দেশজুৰি অভিযান আৰম্ভ কৰাৰ পিছতে অসম আৰক্ষীয়ে অসম আৰু দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰা সংগঠনটোৰ ১১ গৰাকী কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে এক বিবৃতিত উল্লেখ কৰা মতে, অসম আৰক্ষীৰ বিশেষ শাখাই পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ কৰ্মীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ১২০-বি, ১২৪-এ আৰু ৩৫৩ ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে।

উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে এই ইছলামিক সংগঠনটোৱে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ এক অনুকুল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগত অসম চৰকাৰে কেন্দ্ৰৰ ওচৰত সংগঠনটোক নিষিদ্ধ কৰিবলৈ আহ্বান জনাই আহিছে বুলি মন্তব্য কৰিছিল।

ইফালে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়া (NIA)- ই সংগঠনটোৰ কাৰ্যালয় আৰু ইয়াৰ সদস্যসকলৰ বাসগৃহত দেশব্যাপী চলোৱা অভিযানৰ সময়ত বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰা হৈছে বুলি দাবী কৰিছিল।

নিয়াই সংগঠনটোৰ কেইবাগৰাকীও কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ পিছতে সম্প্ৰতি সংগঠনটোৱে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। এই প্ৰতিবাদে বহু ঠাইত হিংসাত্মক ৰূপো ধাৰণ কৰিছে। বিশেষকৈ দাক্ষিণাত্যৰ ৰাজ্য কেৰালাত সৰ্বাত্মক ৰূপ লৈছে এই প্ৰতিবাদে।