NORTHEAST NOW (Assamese)

দৈজিং উৎসৱ : ২৫ জনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক স্বেচ্ছাসেৱক হিচাপে নিয়োগ; ক্ষোভ শিক্ষক সমাজৰ

December 30, 2018 9:42 am · এন ই নাও নিউজ
Updated: December 30, 2018 5:03 pm

চিৰাং জিলাৰ আই নদীৰ পাৰত এমেৰিকান মল্লযুঁজাৰুৰ পৰা আৰম্ভ কৰি বলিউডৰ অভিনেত্ৰী, সংগীত শিল্পীৰ আগমনেৰে ২৭ ডিচেম্বৰৰ পৰা উদুলি-মুদুলি পৰিৱেশৰ মাজত অনুষ্ঠিত দৈজিং মহোৎসৱত দেখা গৈছে জিলাখনৰ মাধ্যমিক শিক্ষক সমাজৰ তীব্ৰ ক্ষোভ।

মাধ্যমিক শিক্ষক সন্থাই ২৯ ডিচেম্বৰত এক প্ৰেছ বিবৃতিৰ জৰিয়তে নিজৰ ক্ষোভ প্ৰকাশ কৰে। ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই দৈজিং মহোৎসৱত ২৫ জনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰাত শিক্ষক সন্থাটোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

মন কৰিব লগীয়া যে চিৰাং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্মই যোৱা ২৬ ডিচেম্বৰত প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এক জাননী প্ৰেৰণ কৰিছিল। জাননীখনত দৈজিং উৎসৱলৈ প্ৰতিখন বিদ্যালয়ৰ পাৰ ছাত্ৰ-ছাত্ৰী প্ৰেৰণ কৰিবলৈ কৈছিল আৰু লগতে ছাত্ৰ-ছাত্ৰী প্ৰেৰণ নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছিল। চিৰাং জিলাৰ বিদ্যালয় পৰিদৰ্শকগৰাকীৰ এনে কাণ্ডক জিলাখনৰ শিক্ষক সমাজে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে।

মাধ্যমিক শিক্ষক সমাজে প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে দৈজিং মহোৎসৱত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে শিকিবলগীয়া একো নাই। বিপৰীতে কেৱল অনৈতিকতাৰে ভৰি আছে।

Related News