NORTHEAST NOW (Assamese)

বাংগালুৰত হ্ৰদৰ পাৰ ভাগি ডুব গ’ল ২৫০ টা ঘৰ, উটুৱাই নিলে গাড়ী, মটৰচাইকেল

November 25, 2019 12:12 pm · এন ই নাও নিউজ
Updated: November 25, 2019 12:16 pm

বাংগালুৰৰ হোলিমাভু নামৰ অঞ্চলটোত বানপানীত ডুব গৈছে প্ৰায় ২৫০ তকৈও অধিক ঘৰ। হোলিমাভু নামৰ অঞ্চলটোত এটা হ্ৰদৰ  পাৰ ভাগি পৰাৰ ফলতে সমগ্ৰ অঞ্চলটো প্লাৱিত হৈ পৰিছে বুলি চৰকাৰী বিষয়াই জনায়।

চৰকাৰী সূত্ৰই জনোৱা অনুসৰি হঠাতে হোৱা বানত আক্ৰান্ত প্ৰায় ২৫০ লোকক অন্য নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ বাবে স্থানীয় প্ৰশাসন তথা চৰকাৰে চেষ্টা চলাইছে।

হ্ৰদৰ পাৰ ভাগি হোৱা এই ভয়ংকৰ বানে বহু সংখ্যক গাড়ী তথা দুচকীয়া বাহনো উটুৱাই নিয়ে বুলি জানিব পৰা গৈছে।

চহৰখনৰ মেয়ৰ গৌতম কুমাৰে কয় যে একাংশ লোকে আৰ্থমোভাৰৰ সহায়ত অঞ্চলটোত পাইপ বহুৱাবলৈ চেষ্টা কৰাৰ ফলতে ঘটনাটো সংঘটি হ’বলৈ পালে। আৰু এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে তদন্ত কৰিব।’

তেওঁ কয় যে বানাক্ৰান্ত লোকসকলক নিৰাপদ স্থানলৈ স্থান্তৰ কৰাৰ লগতে তেওঁলোকক খাদ্যও যোগান ধৰা হৈছে। তাৰোপৰি অঞ্চলটোৰ আৱাসিক এলেকাৰ পৰা পানী বাহিৰ কৰিবৰ বাবে মেচিনৰ ব্যৱস্থা কৰা হৈছে বুলিও গৌতম কুমাৰে জনায়।

Related News