অংগনৱাড়ী কৰ্মীক ধন দাবী: বৰপেটাত মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ ভুৱা তদন্তকাৰী বিষয়াক আটক

ATTACHMENT

নিজকে মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ বিষয়া ৰূপে চিনাকি দি কালি বৰপেটাত আৰক্ষীৰ জালত পৰিল এজন প্ৰৱঞ্চক। আটক হোৱা প্ৰৱঞ্চকজন বৰপেটা জিলাৰ ভেল্লাৰ বুবুল আলী বুলি জানিব পৰা বৈছে ৷

উল্লেখযোগ্য যে সোমবাৰে ভুৱা পৰিচয়ৰে এটি অংগনৱাড়ী কেন্দ্ৰত দুৰ্নীতিৰ তদন্ত কৰিবলৈ যোৱাৰ সময়ত ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে প্ৰৱঞ্চকটোক ৷

জানিব পৰা মতে বৰপেটা জিলাৰ ৬৭ নং জাহেৰপাম অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী জায়েদা খাতুনক কালি দুপৰীয়া প্ৰায় ১২ বজাত এজন অচিনাকি ব্যক্তিয়ে ফোনযোগে নিজকে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ বিষয়া বুলি পৰিচয় দি জায়েদাৰ কেন্দ্ৰটোৰ নথি-পত্ৰ জব্দ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে দুৰ্নীতিৰ অভিযোগত জায়েদাক অইন অঙ্গনবাড়ী কেন্দ্ৰলৈ বদলি কৰা হ’ব বুলি ভাবুকি দিয়াৰ লগতে কৰ্মীগৰাকীৰ পৰা ধন দাবী কৰে ব্যক্তিজনে ৷ ইয়াৰ পিছতে ভীতিগ্ৰস্ত হৈ জায়েদাই বিষয়টো আলোচনাযোগে মীমাংসা কৰাৰ আগ্ৰহ প্ৰকাশ কৰি ব্যক্তিজনক অঙ্গনবাড়ী কেন্দ্ৰটোলৈ মাতি পঠিয়ায় ৷ সেইমৰ্মে ব্যক্তিজন অংগণবাড়ী কেন্দ্ৰটোত উপস্থিত হয় ৷ কিন্তু ব্যক্তিজনৰ কথা-বতৰা আৰু গতি-বিধিত সন্দেহ ওপজাত স্থানীয় ৰাইজে তেওঁক আৱদ্ধ কৰি ৰাখি আৰক্ষীক খবৰ দিয়ে ৷

পাছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সোধা পোছা কৰাত ওৰহীৰ ওৰ ওলাই পৰে ৷ আৰক্ষীৰ আগত ব্যক্তিজনে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ কোনো বিষয়া নহয় বুলি স্বীকাৰ কৰাৰ লগতে তেওঁৰ প্ৰকৃত পৰিচয় সদৰী কৰে ৷ বৰপেটা আৰক্ষীয়ে ইতিমধ্যে ধৃত বুবুল আলীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷