মধ্যপ্ৰদেশৰ ভূপালস্থিত অবৈধভাৱে পৰিচালিত এক আশ্ৰয় গৃহৰ পৰা নিৰুদ্দেশ হৈছে ২৬ গৰাকীকৈ কিশোৰী। এই ঘটনাই এতিয়া তোলপাৰ লগাইছে ৰাজ্যখন।
প্ৰকাশিত খবৰ অনুসৰি, নেশ্যনেল কমিছন ফৰ প্ৰটেকচন অৱ চাইল্ড ৰাইটছৰ অধ্যক্ষ প্ৰিয়াংক কানুংগোৱে আঁচল গাৰ্লছ হোষ্টেল নামৰ এই আশ্ৰয় গৃহটোত আকস্মিকভাৱে ভ্ৰমণ কৰিছিল।
তেওঁৰ এই ভ্ৰমণতে পোহৰলৈ আহে এই চাঞ্চল্যকৰ তথ্য। আশ্ৰয় গৃহৰ ৰেজিষ্টাৰত ৬৮ গৰাকী কিশোৰীৰ বিষয়ে উল্লেখ থকাৰ পিছতো ২৬ গৰাকী নিৰুদ্দিষ্ট বুলি ধৰা পেলায় প্ৰিয়াংক কানুংগোৱে।
আশ্ৰয় গৃহৰ পৰিচালক অনিল মেথিউক নিৰুদ্দিষ্ট কিশোৰীকেইগৰাকীৰ সন্দৰ্ভত সোধা-পোছা কৰা হয় যদিও তেওঁৰ পৰা কোনো স্পষ্ট লাভ নকৰাত সমগ্ৰ বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰে।
কানুংগোৱে এক টুইটযোগে উল্লেখ কৰা মতে এজন মিছনেৰীয়ে কিছু শিশুক ৰাজপথৰ পৰা উদ্ধাৰ কৰি কোনো অনুজ্ঞাপত্ৰ অবিহনে আশ্ৰয় গৃহটো পৰিচালনা কৰি আছে।
উদ্ধাৰ কৰা শিশুসকলক গোপনে খ্ৰীষ্টান ধৰ্ম পালন কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। এই গোচৰত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে বুলি তেওঁ লগতে সদৰী কৰে।
নিৰুদ্দিষ্ট কিশোৰীকেইগৰাকীৰ ভিতৰত গুজৰাট, ঝাৰখণ্ড, ৰাজস্থান আদি ৰাজ্যৰ লগতে মধ্যপ্ৰদেশৰ ছেহোৰ, ৰাইজেন, ছিণ্ডৱাৰা আৰু বালাঘাট অঞ্চলৰো আছিল বুলি জানিব পৰা গৈছে।
ইফালে আশ্ৰয় গৃ্হটোত কোনো চিচিটিভি কেমেৰা নাছিল বুলিও পোহৰলৈ আহিছে। আনহাতে নিয়ম উলংঘা কৰি দুগৰাকী মহিলা নিৰাপত্তাৰক্ষীৰ বাহিৰেও নিশা দুজন পুৰুষ চকীদাৰ আশ্ৰয় গৃহটোত থকা বুলিও জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা হৈছে জাননী। ইফালে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা শিৱৰাজ সিং চৌহানে ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে।
বিষয়টোৰ গুৰুত্ব আৰু সংবেদনশীলতাক বিবেচনা কৰি ৰাজ্য চৰকাৰক তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা সজ্জন সিং বাৰ্মাই ঘটনা সন্দৰ্ভত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। এই ঘটনাক তেওঁ চৰম লজ্জাজনক আখ্যা দিয়ে।
বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰে আৰু তেওঁলোকৰ নাকৰ তলত ধৰ্মান্তৰকৰণৰ সমান্তৰালকৈ মানৱ সৰবৰাহ আৰু বহু অনৈতিক কাম-কাজ চলি আছে বুলি তীৰ্যক সমালোচিনা কৰে সজ্জন সিং বাৰ্মাই।





