NORTHEAST NOW (Assamese)

অসমত ২৬৪০ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.৪২ শতাংশলৈ বৃদ্ধি

September 21, 2020 10:31 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২৬৪০গৰাকী ব্যক্তি সোমবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ৩৫,৬০৩টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৪২ শতাংশলৈ বৃদ্ধি পাইছে। দেওবাৰে এই হাৰ আছিল ৬.৩৫ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৭৪, যোৰহাটৰ ২৪০, লখিমপুৰৰ ২০৬ আৰু গোলাঘাটৰ ১৯৮গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৫৯,৩২০লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১৬গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, সোমবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৭৮লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৫৬২গৰাকী ক’ভিড ৰোগীয়ে দেওবাৰলৈকে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত দেওবাৰলৈকে মুঠ ১,২৭,৩৩৫গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

Related News