বৰদিনৰ উচাহত উদ্দীপিত ডিমাপুৰ : মুখ্য মন্ত্ৰীৰ শুভেচ্ছা সমগ্ৰ নাগা জাতিলৈ

চহৰখনৰ নাগাৰ্জন ছাব-ষ্টেইশ্যনটোত থকা একমাত্ৰ ২০ এম ভি এ ট্ৰেন্সফ’ৰমাৰটো বিকল হোৱাত  যোৱা এমাহ ধৰি সৰু চহৰখন প্ৰায় আন্ধাৰত ডুব গৈ আছিল যদিও যোৱা কেইদিনত চহৰখনলৈ আৰু ইয়াৰ মানুহবোৰৰ মনলৈ পুনৰ নতুন উচাহৰ আগমন দেখা পোৱা গৈছে। সাময়িক আন্ধাৰে বৰদিনৰ আয়োজনত নিম্নগামী চাপ দিছিল যদিও সম ক্ষমতাৰ নতুন এটা ট্ৰেন্সফ’ৰমাৰৰ সংস্থাপনে ম্লান পৰা উচাহক আকৌ তুলি ধৰা দেখা গৈছে। কাৰণ প্ৰায়সকলেই এতিয়া আকৌ ব্যস্ত হৈ পৰিছে তেওঁলোকৰ ঘৰবোৰ, দোকানবোৰ, আলি-পদূলিবোৰ আটকধুনীয়াকৈ সজোৱাত। তেওঁলোকৰ মাজত দেখা গৈছে এক পুনৰুজ্জীৱিত উদ্যম। তাৰ মাজতে আহিছে মুখ্য মন্ত্ৰীয়ে তেওঁলোকলৈ আৰু লগতে সমগ্ৰ নাগা জাতিলৈ পঠিওৱা বৰদিনৰ শুভ বাৰ্তা। চহৰখনৰ বহুতে নিশ্চিত নাছিল তেওঁলোকে বৰদিনৰ আগত তেওঁলোকৰ ঘৰবোৰলৈ পোহৰৰ আগমন ঘটিব নে নাই। বহুতৰ ব্যৱসায়তো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছিল। অৱশ্যে তাৰ মাজতো চহৰখনৰ কিছু সংখ্যকে প্ৰাক-বৰদিন উদযাপন কৰিছিল। ট্ৰেন্সফ’ৰ্মাৰটোৰ সংস্থাপনৰ মাজেৰে পৰ্য্যাপ্ত পোহৰৰ আগমন তেওঁলোকৰ উদযাপনত স্বাভাৱিকতেই হৈ পৰিল এক পৰম কাংক্ষিত সংযোজন। ইয়াৰ সমান্তৰালভাৱে তেওঁলোকলৈ আহিছে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে সমগ্ৰ নাগালেণ্ডবাসীলৈ প্ৰেৰণ কৰা বৰদিনৰ শুভেচ্ছা বাৰ্তা। স্থানীয় বাতৰিকাকতৰ জৰিয়তে এটা বাৰ্তাত মুখ্য মন্ত্ৰীজনে কয় যে তেওঁ সকলো নাগালেণ্ডবাসীলৈ বৰদিনৰ আনন্দৰ বাৰ্তা দিয়াৰ সুযোগ গ্ৰহণ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লগতে সমৃদ্ধিপূৰ্ণ শুভ নৱবৰ্ষৰো শুভেচ্ছা জনাইছে।

আনহাতে ১২ ডিচেম্বৰৰ আবেলি নাগালেণ্ডৰ বিধানসভাৰ বিধায়কসকলে ক’হিমাৰ ৰাজ্যিক ভোজন গৃহত এটা প্ৰাক-বৰদিন অনুষ্ঠানত মিলিত হয়। তাত উপস্থিত থকা মুখ্য মন্ত্ৰী জেলিয়াঙে তাত বিধায়কসকলক সম্বোধন কৰি নিজৰ চমু ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কয়, সকলো স্তৰৰ নেতাসকলৰ বাবে আমি প্ৰাৰ্থনা কৰো আহক যাতে আমাৰ ভগৱানৰ দয়া আৰু ত্ৰাণকৰ্তা যীছুৱে তেওঁলোকৰ হৃদয়বোৰ কোমলতাৰে পূৰ কৰক আৰু লগতে তেওঁলোকক জ্ঞানী, সাহসী আৰু নম্ৰ কৰি তোলক। লগতে আমি বিভিন্ন গোটৰ নাগাসকলৰ মাজত শান্তি, মিলাপ্ৰীতিৰ বাবেও প্ৰাৰ্থনা কৰো আহক। তেওঁ লগতে এইবুলিও কয় যে সমগ্ৰ বিশ্বই এতিয়া শান্তিৰ বাবে হাহাকাৰ কৰি আছে আৰু বৰদিনৰ বাৰ্তাৰ মাজত এইটো দিব পৰা শক্তি লুকাই আছে।