NORTHEAST NOW (Assamese)

ইণ্ডোনেছিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ২৬৮ জনলৈ বৃদ্ধি

November 23, 2022 7:42 pm · এন ই নাও নিউজ,গুৱাহাটী

প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰা ইণ্ডোনেছিয়াত এতিয়া যেনি তেনি ওলাইছে মৃতদেহ। দেশ খনত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সমখ্যা ২৬৮ জনলৈ বৃদ্ধি পাইছে।

নিহতসকলৰ ভিতৰত বহু স্কুলীয়া শিক্ষাৰ্থীও আছে। উল্লেখ্য ৰিখটাৰ স্কেলত ৫.৬ প্ৰাবল্যৰ ভূমিকম্পই কেই চেকেণ্ডৰ মানৰ ভিতৰতে ইণ্ডোনেছিয়াক মৃত্যু উপত্যকাত পৰিণত কৰিছিল।

তাছপাতৰ দৰে খহি পৰিছিল বহু ঘৰ। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল পশ্চিম জাভাৰ চিয়ানুজাৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বৰ ভূগৰ্ভত । আজিও দেশ খনত চলি আছে উদ্ধাৰ অভিযান। নিহতৰ সংখ্যা আৰু অধিক হ’ব পাৰে বুলি দেশ খনৰ এগৰাকী চৰকাৰী বিষয়াই প্ৰকাশ কৰিছে।

ইণ্ডোনেছিয়াৰ চৰকাৰে ভূমিকম্পৰ পিছতে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। উদ্ধাৰ অভিযানত দেশ খনৰ সেনায়ো সহায় কৰিছে।

Related News