• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 21, 2021 2:28 pm

2 min read

WhatsApp Image 2021-01-21 at 2.23.50 PM
397
VIEWS
Share on FacebookShare on Twitter

চুটি-চাপৰ লোকে নিজকে অলপ ওখ হোৱাৰ সপোন মাজে মাজে দেখাটো স্বাভাৱিক। কিন্তু বাস্তৱ পৰিস্থিতিত সেয়া সম্ভৱ নোহোৱাৰ বাবে সকলোৱে ভাগ্যকে ধিয়াই সেয়া মানি ল’বলগীয়া হয়।

কিন্তু আশ্চৰ্যকৰভাৱে আলফানছো ফ্ল’ৰোছ নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৮ বছৰীয়া যুৱকজনে এক বিশেষ অস্ত্ৰোপচাৰৰ জৰিয়তে নিজৰ উচ্চতা ২ইঞ্চি বৃদ্ধি কৰি লোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে।

শুনিবলৈ আচৰিত যেন লাগিলেও এইটোৱে সঁচা। ডালাচৰ বাসিন্দা আলফানছোৰ বাৰ বছৰ বয়সৰ পৰাই ইচ্ছা হৈছিল যে যদি তেওঁ নিজৰ উচ্চত বৃদ্ধি কৰিব পাৰিলেহেঁতেন।

তেওঁৰ সেই ইচ্ছা অৱশেষত পূৰণ হ’ল আৰু নিজৰ উচ্চতা ৫ ফুট ১১ইঞ্চিৰ পৰা ৬ফুট ১ইঞ্চিলৈ বৃদ্ধি কৰিবলৈ সক্ষম হ’ল। ঘটনাটোৱে এক নতুন দৃষ্টান্ত দাঙি ধৰিলে।

আলফানছোৰ এই কামৰ বাবে ৭৫হাজাৰ আমেৰিকান ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৫ লাখ টকা খৰচ হয়।

এক সাক্ষাৎকাৰত আলফানছোৱে কয়,’’মই জানো ৫ফুট ১১ইঞ্চি উচ্চতা বহুত ভাল উচ্চতা। বহুতেই এন উচ্চতা লাভ কৰি সন্তুষ্ট। কিন্তু মোৰ ইচ্ছা আছিল যদি আৰু অলপ উচ্চতা পোৱাৰ।‘’

যুৱকৰ এনে খেয়ালৰ প্ৰতি পৰিয়াল বা আত্মীয় কোনোৱে গুৰুত্ব দিয়া নাছিল। সকলোৱে এনে আজৱ চিন্তা পৰিহাৰ কৰাৰ উপদেশেই দিছিল।

পিচে, আলফানছো আছিল নাচোৰবান্দা। নিজৰ এথলেটিক সক্ষমতা বৃদ্ধি কৰাটোৱেই আছিল তেওঁৰ ইচ্ছাৰ আঁৰৰ কাৰণ।

আলফানছোৰ এই অস্ত্ৰোপচাৰটো সম্পন্ন কৰিছে হাৰ্ভাডৰ প্ৰশিক্ষণপ্ৰাপ্ত লাছ ভেগাছৰ অৰ্থ’পেডিক শল্য চিকিৎসক কেভিন দেবীপ্ৰসাদে।

এক্স-ৰেৰ জৰিয়তে এই অস্ত্ৰোপচাৰটোত ৰোগীৰ ভৰিত ছয়টা ফুটা কৰা হয়। তাৰপাছত সেই ফুটাৰে এটা বিশেষ যন্ত্ৰ প্ৰৱেশ কৰাই দিয়া হয়। যন্ত্ৰটো বাহিৰৰ পৰা ৰিম’টৰ সহায়ত নিয়ন্ত্ৰণ কৰা হয়। এই যন্ত্ৰই শৰীৰৰ ভিতৰত বাঢ়ি থাকে।

ডাঃ দেবীপ্ৰসাদে জানিবলৈ দিছে যে বিচাৰিলে ২ ইঞ্চিয়েই নহয়, আৰু বৃদ্ধি কৰিব পৰা যায়। মাথো ইয়াৰ বাবে খৰচ বৃদ্ধি পাব।

অৰ্থবান পৰিয়ালৰ চুটি-চাপৰ সন্তানে এনে কোনো বাসনা থাকিলে অৱশ্যেই চেষ্টা কৰি চাব পাৰে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd