মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সম্ভাজিনগৰৰ পৰা এক শোকাবহ ঘটনা পোহৰলৈ আহিছে। পথৰ কাষত প্ৰস্ৰাৱ কৰাৰ এক ভাইৰেল ভিডিঅ’ক কেন্দ্ৰ কৰি মানসিক হাৰাশাস্তিৰ চিকাৰ হোৱা ২৮ বছৰীয়া এজন যুৱকে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।
ঘটনাটোৰ পাছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
খবৰ অনুসৰি, এই ২৮ বছৰীয়া যুৱকজন আৰু তেওঁৰ বন্ধুৱে এটা ৰেল ষ্টেচনৰ ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিছিল। কোনো লোকে তেওঁলোকৰ এই ভিডিঅ’ ইণ্টাৰনেটত প্ৰচাৰ কৰি দিয়ে। মুহূৰ্ততে ভাইৰেল হৈ পৰে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰি থকা এই ভিডিঅ’।
ভিডিঅ‘টো ভাইৰেল হোৱাৰ পাছত যুৱকজনে ৰাজহুৱাভাৱে নিজৰ এই কামৰ বাবে ক্ষমা বিচাৰিছিল। কিন্তু, ক্ষমা বিচৰাৰ পিছতো তেওঁক বহু লোকে ফোন আৰু মেছেজৰ জৰিয়তে হাৰাশাস্তি কৰাৰ লগতে ভাবুকিও দিয়ে।
জানিব পৰা মতে, স্থানীয় শিৱসেনাৰ এজন নেতাইও এই ভিডিঅ‘টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, “এই হাৰাশাস্তিৰ বাবে যুৱকজনে মানসিকভাবে ভাগি পৰে আৰু বন্ধুসকলক কয় যে তেওঁ এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা নাই। ইয়াৰ পাছতে তেওঁ আত্মহত্যাৰ পথ বাছি লয়।
এই সন্দৰ্ভত এক এজাহাৰ (FIR) ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ভিডিঅ’টো শ্বেয়াৰ কৰা আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপিত হোৱা লোকসকলৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰা হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।





