বিশ্বনাথৰ ২৮৮টা ভূমিহীন পৰিয়াললৈ মাটিৰ পট্টা প্ৰদান

Biswanath

অসম চৰকাৰে আজি আৰম্ভ কৰা ৰাজ্যৰ প্ৰায় ১১,৫০০ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথতো হিতাধিকাৰীসকলৰ মাজত মাটিৰ পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ কৰা হয়।

এই উপলক্ষে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত।

তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ আৰ পি শৰ্মা আৰু স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত এই সভাত বিশ্বনাথৰ জিলাৰ গহপুৰ, হেলেম, বিশ্বনাথ আৰু নদুৱাৰ (অংশ) ৰাজহ চক্ৰৰ মুঠ ২৮৮ গৰাকী হিতাধিকাৰীৰ মাজত ভূমিৰ পট্টা আৰু ৫৭ গৰাকী ভূমিহীন হিতাধিকাৰীৰ মাজত ভূমি আবণ্টন পত্ৰ বিতৰণ কৰা হয়।

অনুষ্ঠানত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সভানেত্ৰী ৰুলি শৰ্মা, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত (ৰাজহ) পাৰিজাত ভূঞা আৰু সদৌ অসম মৌজাদাৰ সন্থাৰ সভাপতিকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তিসকল, জিলাখনৰ প্ৰায়সংখ্যক মৌজাদাৰ, গাঁওবুঢ়া, মণ্ডল-কাননগো আৰু হিতাধিকাৰীসকল উপস্থিত থাকে।