DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰুণাচলত হোৱা মুষলধাৰ বৰষুণত গোগামুখত অৰ্ধশতাধিক গাঁও জলমগ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2018 1:28 pm
gogamukh
89
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিগত প্ৰায় কেইদিনমান ধৰি চলি থকা মুষলধাৰ বৰষুণৰ ফলত ওফন্দি উঠিছে উত্তৰ অসমৰ কেইবাখনো নদী৷

উল্লেখযোগ্য যে ফেনে ফোটোকাৰে ওফন্দি অহা গেৰমেৰ নৈৰ পানীয়ে কালি বিচ্ছিন্ন কৰে গোগামুখ- মইনাপৰা- কৌপাতনী-নলবাৰী সংযোগী গড়কাপ্তানী পথ। মিংমাং, নলবাৰী, জয়ৰামপুৰলৈ যোৱা গড়কাপ্টানী পথৰ বদতি জানত থকা পকী দলংখনৰ মূৰৰ অংশ বাঢ়নী পানীয়ে খহাই নিয়াৰ ফলত পথ যোগাযোগ যি কোনো মুহূৰ্ততে বিচ্ছিন্ন হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে৷

আনহাতে ইয়াৰ ফলত অসম- অৰুণাচল সীমান্তৱৰ্তী হাজাৰ হাজাৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম জীয়াতু ভুগিব লগীয়া হৈছে৷

তদুপৰি গেৰমেৰ নৈৰ বাঢ়নী পানীয়ে আজি নলবাৰী পঞ্চায়তৰ ১নং মানিষপুৰ, ২নং মানিষপুৰ, ১নং নাৰায়ণপুৰ, ২নং নাৰায়ণপুৰ, এজাৰগুৰি, কাঁছীগুৰি, মধ্যমিঙমাৰ পঞ্চায়তৰ ভেকেলী, অগুৰি, টাইগাৰ গুৰি, বামচেনিয়া, মাজগাঁও, মাজৰবাৰী, কৌপাতনী আদি অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷ আনহাতে জীয়াঢল-কুমতীয়াৰ বাঢ়নী পানীয়ে ১নং খনা কৃষ্ণপুৰ, ২নং খনা কৃষ্ণপুৰ, গুড়ৰথালি, বগলীজান, পানীমেৰানী, মাজগাঁও, বুঢ়াকুঢ়ী, লতাক পঞ্চায়তৰ অন্তৰ্গত বেৰভঙা, লালুকীয়া, চুতীয়াকাৰী, বৰদৈ আদি অৰ্ধ শতাধিক গাঁও বুৰাই পেলোৱাৰ ফলত বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

আশ্চৰ্যজনকভাৱে বন্যাৰ্ত ৰাইজৰ সাহায্যৰ ক্ষেত্ৰত কিন্তু চৰকাৰ- প্ৰশাসনে এইপৰ্যন্ত বিশেষ তত্‍পৰতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বন্যাৰ্তসকলক জিলা প্ৰশাসনে খাদ্য সামগ্ৰী যোগান নধৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বানাক্ৰান্তই৷ একেদৰে খাদ্যৰ অভাৱত বানাক্ৰান্ত অঞ্চলসমূহৰ পশুধনৰো অৱস্থা পানীত হাঁহ নচৰা ধৰণৰ হৈছে। এইক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া যথেষ্ট তাৎপৰ্যপূৰ্ণ হ’ব।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd