গোৱালপাৰাৰ দ্বিতীয় বৈদেশিক ন্যায়াধিকৰণৰ নতুন ঠিকনা ঐতিহাসিক মুনছিফ আদালতৰ ভৱন

FB_IMG_15390812333109386

গোৱালপাৰা জিলাৰ বিদেশিক ন্যায়ালয়ৰ ঠিকনা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ কাচাৰীঘাটৰ ঐতিহাসিক মুনছিফ আদালতৰ ভৱন। বৈদেশিক ন্যায়াধিকৰণখন ২০১৪ৰ পৰাই জিলা কৃষি বিভাগৰ কাষৰ এটা ভাড়াঘৰত আছিল। ৯ অক্টোবৰৰ পৰা এই নতুন স্থানত বৈদেশিক ন্যায়াধিকৰণৰ কাম-কাজ আৰম্ভ কৰা হৈছে।

গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাই ডেকাই ন্যায়াধিকৰণখনৰ সদস্য দেবানন্দ দাসৰ উপস্থিতিত বৈদেশিক ন্যায়াধিকৰণৰ নতুন ভৱনটো উদ্বোধন কৰি গোৱালপাৰাৰ ৰাইজৰ সেৱাত ইয়াক উৎসৰ্গা কৰে।

উল্লেখ্য যে কাচাৰীঘাটৰ ভৱনটো আনুমানিক ১৯৩০ চনত বৃটিছ যুগত নিৰ্মাণ কৰা হৈছিল। সেই সময়ত ই মুনছিফ আদালত হিচাপে ব্যৱহৃত হৈছিল। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ভৱনটোক ঐতিহ্য ভৱন হিচাপে ঘোষণা কৰিছে।

১৮২৬ চনত অসমলৈ অহা কেপ্টেইন ডেভিড স্কটে ইয়াতেই প্ৰথম আছিল। এই ঠাইৰ পৰাই তেওঁ দেৱানী আদালতৰ সূচনা কৰিছিল বুলি গোৱালপাৰা আইন মহাবিদ্যালয়ৰ উপাধ্যক্ষ অধিবক্তা জিতেন দাসে জনাইছে।

উল্লেখ্য যে  ‘ডি’ ভোটাৰ নিশ্চিত কৰাৰ বাবে ৰাজ্যখনত বৈদেইক ন্যায়াধিকৰণ স্থাপন কৰা হৈছিল। গোৱালপাৰা জিলাত ৮খন বৈদেশিক ন্যায়াধিকৰণ আছে।

৯ অক্টোবৰৰ উদ্বোধনী অনুষ্ঠানত এজনত বাদে আন সকলোকেইগৰাকী সদস্য উপস্থিত আছিল। তাৰোপৰি, জ্যেষ্ঠ অধিবক্তা জিতেন দাস, আমজাদ আলী, আব্দুল বাতেন আৰু ভাৰপ্ৰাপ্ত আৰক্ষী উপ তত্বাৱধায়ক আনোৱাৰ হুছেইন আন আন চৰকাৰী কৰ্মচাৰী উপস্থিত আছিল।