NORTHEAST NOW (Assamese)

গুৱাহাটী ল’ন টেনিছ এছোচিয়েশ্যনৰ উদ্যোগত কুইজ প্ৰতিযোগিতাৰ আয়োজন

September 20, 2018 4:19 pm · এন ই নাও নিউজ

দ্বিতীয় পুলিন দাস স্মাৰক মুকলি প্ৰাইজমানি ক্ৰীড়া কুইজ প্ৰতিযোগিতা-২০১৮ অক্টোবৰৰ ২ তাৰিখে গুৱাহাটীৰ উজান বজাৰস্থিত ‘কুমাৰ ভাস্কৰ নাট্য মন্দিৰ’ত অনুষ্ঠিত হ’ব।  এই কুইজ প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে গুৱাহাটী ল’ন টেনিছ এছোচিয়েশ্যনে। দুপৰীয়া ২-০০ বজাত এই প্ৰতিযোগিতাখন আৰম্ভ হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।

মূল প্ৰতিযোগিতাখনৰ পূৰ্বে একেই স্থানতেই দিনৰ ১১-০০ বজাত এটা প্ৰাথমিক আৰু নিৰ্বাচন ৰাউণ্ড অনুষ্ঠিত কৰা হ’ব।

বৃহস্পতিবাৰে এছোচিয়েশ্যনৰ তৰফৰ পৰা প্ৰকাশ কৰা এটা সংবাদ বিবৃতিত এই কথা প্ৰকাশিত হৈছে।

শীৰ্ষ প্ৰথম, দ্বিতীয় আৰু তৃতীয় দলক যথাক্ৰমে ১০,০০০, ৭,০০০ টকা আৰু ৫,০০০ টকা প্ৰাইজমানি প্ৰদান কৰা হ’ব। আনহাতে ৪ৰ্থ, ৫ম আৰু ৬ষ্ঠ দলক ১,০০০ টকাকৈ প্ৰাইজমানি প্ৰদান কৰা হ’ব।

এই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰিব প্ৰখ্যাত কুইজ মাষ্টাৰদ্বয় দীপাংকৰ কৌশিক আৰু দিলীপ শৰ্মাই।

গুৱাহাটী ল’ন টেনিছ এছোচিয়েশ্যনৰ সাধাৰণ সম্পাদক নবজ্যোতি কলিতাই জনাইছে যে দুজনেৰে গঠিত যিকোনো দলেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

আগ্ৰহী প্ৰতিযোগী দলসমূহে গুৱাহাটী ল’ন টেনিছ এছোচিয়েশ্যনৰ সাধাৰণ সম্পাদকৰ সৈতে 9435559885 / 9101264498 নম্বৰত অথবা ইমেইল যোগে guwahatilawntennisassociation@gmail.com যোগাযোগ কৰিব পাৰে।

Related News