• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমা হাচাওৰ উমৰাঙচুত এজন যুৱকক নিৰ্মমভাৱে প্ৰহাৰ অচিনাক্ত দুৰ্বৃত্তৰ; আৰক্ষীৰ ভূমিকাক ধিক্কাৰ স্থানীয় ৰাইজৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
September 20, 2018 4:20 pm
IMG-20180919-WA0038
322
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাৰ উমৰাঙচুত যোৱা ১৬ ছেপ্তেম্বৰ অৰ্থ্যাৎ বিশ্বকৰ্মা পূজাৰ আগদিনা ৰাজীৱ দাস নামৰ এজন যুৱকক কোনো অচিনাক্ত দুৰ্বিত্তৰ দলে অপহৰণ কৰি নি অমানৱীয় ভাৱে শাৰিৰীক অত্যাচাৰ চলাই ১৮ ছেপ্তেম্বৰত অচেতন অৱস্থাত চহৰৰ ওচৰত পেলাই থৈ যোৱা কাৰ্যত এতিয়া সমগ্ৰ চহৰখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই ঘটনা সংঘটিত হোৱাৰ পাছত সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া অঞ্চলবাসীৰ মাজত ক্ষোভৰ উদগীৰণ হোৱা দেখিবলৈ পোৱা গৈছে।

আৰক্ষীৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে সাধাৰণ ৰাইজ অতিষ্ঠ হৈ বুধবাৰে ঘটনাৰ উচিত তদন্তৰ দাবীত উমৰাঙচুত বিভিন্ন দল-সংগঠনে এক প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীয়ে উমৰাঙচু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সাক্ষাত্ কৰি জিলা উপায়ুক্তৰ উদ্দেশ্যে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা ৰাজীৱ দাস নামৰ যুৱক জনক যোৱা দেওবাৰে দুই তিনি জন অচিনাক্ত যুৱকে মাতি লৈ যায়। আৰু ইয়াৰ পাছৰ পৰা সন্ধানহীন হৈ আছিল ৰাজীৱ।

IMG-20180919-WA0040

লক্ষ্যণীয়ভাৱে যোৱা মঙলবাৰে উমৰাঙচু চহৰৰ ওচৰত সংকটজনক অৱস্থাত ৰাজীৱক উদ্ধাৰ কৰা হয়। যুৱকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আছিল। দুৰ্বিত্তৰ দলে ৰাজীৱক অমানৱীয় ভাৱে প্ৰহাৰ কৰাৰ লগতে শৰীৰৰ বিভিন্ন অংশত চোকা অস্ত্ৰৰে আঘাতো কৰে। ইয়াৰ উপৰি ইলেক্ট্ৰিক চকো দিয়া হয়।

যুৱকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি উমৰাঙচুত প্ৰাথমিক চিকিৎসা সম্পন্ন কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী দিচপুৰ পলিক্লিনিকত ভৰ্তী কৰোৱা হয়।

উল্লেখনীয় যে মেঘালয় সীমান্তৱৰ্তী উমৰাঙচু অঞ্চলত দিনে দিনে সমাজবিৰোধী কাৰ্যকলাপ তথা অপৰাধ জনিত ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া সাধাৰণ ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd