NORTHEAST NOW (Assamese)

২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে দাঁতি কাষৰীয়া ৰাজ্যক

November 3, 2020 8:23 pm ·

২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত দ্বিতীয়টো ভূমিকম্পই জোকাৰি গৈছে। মংগলবাৰে(আজি) সন্ধিয়া ৫ বাজি ২৮ মিনিটত ৩.৫ মেগনিটিউডৰ এক ভূমিকম্পই কৰিমগঞ্জকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোকাৰি যায়।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ হৈছে অসমৰ বৰাক উপত্যকা কৰিমগঞ্জ।

ভূমিকম্পটোৰ উৎপত্তিস্থল ভূপৃষ্ঠৰ ২০ কি. মি. গভীৰতাত বুলি জানিব পৰা গৈছে।

প্ৰাথমিকভাৱে পোৱা খৱৰ অনুসৰি ভূমিকম্পটোৰ ফলত কোনো উল্লেখযোগ্য ক্ষয়-ক্ষতি হোৱা নাই।

ভূমিকম্পটোৰ অভিকেন্দ্ৰৰ পৰা নাতিদূৰত্বৰ অঞ্চলসমূহ জোকাৰণি ভালকৈয়ে অনুভূত হয়।

উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত অসমকে ধৰি উত্তৰ পূৱসহ চীন, ম্যানমাৰ আৰু বাংলাদেশক দ্বিতীয়টো ভূমিকম্পাই জোকাৰি গৈছে।

ইয়াৰ পূৰ্বে যোৱা নিশা ১বাজি ১৩ মিনিটত ৪.৪ মেগনিটিউডৰ এক ভূমিকম্পই গুৱাহাটীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোকাৰি গৈছিল।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ নংছটইনৰ পৰা প্ৰায় ২২ কিলোমিটাৰ আঁতৰত।

ভূমিকম্পটোৰ অভিকেন্দ্ৰৰ পৰা শ্বিলঙৰ দূৰত্ব ৭৫ কিলোমিটাৰ পশ্চিম দিশত আৰু গুৱাহাটীৰ দূৰত্ব ৮১কি:মি: দক্ষিণ-পশ্চিম দিশত হ’ব বুলি কোৱা হৈছিল।

Related News