যোৰহাটত মহিলা আৰক্ষী উপ পৰিদশৰ্কসহ ৩ আৰক্ষীক আক্ৰমণ : ২ জনক গ্ৰেপ্তাৰ, ১ জনক আটক আৰক্ষীৰ

representative image

প্ৰতিনিধিত্বমূলক ফটো।

বুধবাৰে যোৰহাটত দুটা পৃথক পৃথক ঘটনাত অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শকসহ তিনি আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত ২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এগৰাকী আটক কৰিছে আৰক্ষীয়ে।

শান্তনু শইকীয়া আৰু দিলীপ শইকীয়া নামৰ দুই ভাতৃক কৰ্তব্যৰত আৰক্ষীক শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ অভিযোগত ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৫৩, ২৩২ আৰু ৩৪ ধাৰাত বুধবাৰে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি নিমাতী আৰক্ষী চকীৰ অন্তৰ্গত গোধা দলিং অঞ্চলৰ এটা খাৱৈত শান্তনু শইকীয়া নামৰ লোকজনে নিজৰ বাহনখনৰ সৈতে সৰি পৰে।

ঘটনাৰ খবৰ পায়ে নিমাতী আৰক্ষী চকীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাটো যানবাহন আৰক্ষীয়ে তদাৰক কৰি বাহনখন উদ্ধাৰ কৰিব বুলি শান্তনু শইকীয়াক অৱগত কৰে।

ইফালে আৰক্ষীৰ দলটোৱে ইতিমধ্যে যানবাহন আৰক্ষীক ঘটনাস্থলীলৈ মাতি পঠোৱাত ঘটনাস্থলীত যানবাহন আৰক্ষীৰ দলটো উপস্থিত হয়।

কিন্তু এইবোৰ কথাতে খড়গস্ত হৈ শান্তনু শইকীয়াই আৰক্ষীক দুৰ্ব্যৱাহ কৰে। ইতিমধ্যে শান্তনু শইকীয়াৰ জ্যেষ্ঠ ভাতৃ দিলীপ শইকীয়া ঘটনা স্থলীত উপস্থিত হয় আৰু দুই ভাতৃয়ে কৰ্তব্যৰত আৰক্ষীক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

এই আক্ৰমণৰ ঘটনাত যানবাহন আৰক্ষী ৰঞ্জিত দাস আৰু অন্য এজন আৰক্ষী প্ৰাণজিৎ বৰুৱা আহত হয়।

উক্ত আক্ৰমণৰ ঘটনাৰ পিছতে মংগলবাৰে ৰাতি চাৰিগাঁৱৰ পৰা দুই ভাতৃক গ্ৰেপ্তাৰ কৰি বুধবাৰে জেইল হাজোতলৈ প্ৰেৰণ কৰে যোৰহাট আৰক্ষীয়ে।

আনহাতে আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অন্য এটা পৃথক ঘটনাত অসম আৰক্ষীৰ এগৰাকী মহিলা উপ পৰিদৰ্শক ইন্দু মণি গগৈক দিচৈৰ অংকুৰ পাঠক নামৰ লোকজনে দুৰ্ব্যৱ্হাৰ কৰে।

আৰক্ষী বিষয়া ইন্দু মণি গগৈয়ে দুচকীয়া বাহনেৰে নিজ ঘৰলৈ আহি থকা পথত জেইল ৰোডৰ ধলাশাস্ত্ৰ ছপাশালৰ ওচৰত অংকুৰ পাঠক নামৰ লোকজনে তেওঁৰ কাষলৈ আহি দুৰ্ব্যৱহাৰ কৰে।

অন্য এখন দুচকীয়া বাহনেৰে পৃথকে আহি থকা গগৈৰ স্বামীয়ে লোকজনে তেওঁৰ পত্নীক কিয় তেনে ব্যৱহাৰ কৰিছে বুলি প্ৰশ্ন কৰাৰ লগে লগে তেওঁলোকৰ মাজ তৰ্কাতৰ্কিৰ সূত্ৰপাত হয় আৰু লোকজনে মহিলা আৰক্ষী বিষয়া গৰাকীৰ স্বামীক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

ইতিমধ্যে অংকুৰ পাঠক নামৰ লোকজনক আৰক্ষীয়ে আটক কৰিছে।