NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত জিলিকিল অসমৰ ১৩ গৰাকী শিক্ষাৰ্থী

April 5, 2019 10:09 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি ঘোষণা কৰা কেন্দ্ৰীয় লোকসেৱা আয়োগ (য়ু পি এছ চি) ২০১৮ৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে অসমৰ ১৩ গৰাকীকৈ পৰীক্ষাৰ্থী। ইয়াৰে তন্ময় বশিষ্ঠ শৰ্মাই সৰ্বভাৰতীয় পৰ্যায়ত ১০ নম্বৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে মৃগাংক শেখৰ পাঠকে ১০৩ নম্বৰ স্থান দখল কৰাৰ বিপীতে উৰ্তীৰ্ণ ৰঞ্জিতা শৰ্মাই ১৩০ নম্বৰ স্থান অধিকাৰ কৰিছে।

ইফালে নমিতা শৰ্মাই ১৪৫, দীপাংকৰ চৌধুৰীয়ে ১৬৬, গৰীমা শৰ্মাই ১৭০, ঋষভা গাৰ্গৰে ২০০ নম্বৰ স্থান দখল কৰে।

ইয়াৰ উপৰি আৰণ্যক শইকীয়া ২৮৭, ফৌৰমান ব্ৰহ্মই ৪২৯, অভিষেক গোস্বামীয়ে ৫২৫, তাপস বসুমতাৰীয়ে ৬৪৫, সৌৰভ শর্মাই ৬৫৬ আৰু দীক্ষা লাংথাছাই ৭০৮ নম্বৰ স্থান লাভ কৰে।

উল্লেখ্য যে যোৱা বৰ্ষৰ জুন মাহত ইয়াৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছিল। ১০,৬৫,৫৫২ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল যদিও ৪,৯৩,৯৭২ গৰাকী পৰীক্ষাৰ্থীহে পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল।

ইয়াৰে ১০,৪৬৮ গৰাকী পৰীক্ষাৰ্থীয়ে যোৱা বৰ্ষৰে ছেপ্তেম্বৰ-অক্টোবৰ মাহত অনুষ্ঠিত হোৱা মূল পৰ্যায়ৰ পৰীক্ষাত বহে। ইয়াৰ মাজৰ পৰা ১৯৯৪ গৰাকী পৰীক্ষাৰ্থীক পাৰ্চনেলিটি টেষ্টৰ বাবে বাচনি কৰে। এই বৰ্ষৰ ফেব্ৰুৱাৰি-মাৰ্চ মাহত অনু্ষ্ঠিত হৈছিল পাৰ্চনেলিটি টেষ্ট।

আজি ঘোষিত ফলাফল অনুসৰি এই সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাটোত ৭৫৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ইয়াৰে ৫৭৭ গৰাকী পুৰুষ আৰু ১৮২ গৰাকী মহিলা।

Related News