লকডাউন উলংঘা কৰি আৰক্ষীৰ ৰোষত পৰিল বিজেপিৰ তিনি বিধায়ক, ক’ত?

cov122

দেশজুৰি এতিয়া চলিছে ক’ৰ’নাৰ মহা সংহাৰ।

এনে সময়তে চৰকাৰে কোভিড বিধি মানি চলিবলৈ দেশবাসীক বাৰম্বাৰ আহ্বান জনাই আহিছে।

লকডাউন ভংগ কৰাৰ অপৰাধত বহুতকে আৰক্ষীয়ে ৰাজপথতে বৰগাই বগৰাই পিটিছেও।

এনেবোৰ কথায়ো টলাব পৰা নাই বিজেপিৰ একাংশ নেতাক।চৰকাৰে ঘোষণা কৰা  লকডাউন উলংঘা কৰি এইবাৰ সেয়ে আৰক্ষীৰ ৰোষত পৰিবলগীয়া হ’ল বিজেপিৰ তিনিজনকৈ বিধায়ক।

লকডাউন উলংঘা কৰি আটক হোৱা পশ্চিমবংগৰ বিজেপি বিধায়ক কেইগৰাকী হৈছে ক্ৰমে শংকৰ ঘোষ,আনন্দময় বৰ্মণ আৰু শিখা চট্টোপাধ্যায়।

লকডাউন উলংঘা কৰি এই তিনিওগৰাকী বিজেপি বিধায়কে শিলিগুৰী ছফদৰ হাছমী চ’কত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

আৰক্ষীয়ে তিনিওগৰাকী বিজেপি বিধায়ককে আটক কৰি থানালৈ লৈ আহে আৰু বহু সময় ধৰি থানাত বহুৱাই ৰাখি পিছত থানাৰ পৰা যাবলৈ দিয়ে।

বিজেপি বিধায়ক তিনি জনৰ এনে আচৰণক গৰিহণা দিছে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই।উল্লেখ্য ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে পশ্চিমবংগত ১৫ দিনৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।

বিজেপিৰ বিধায়ক কেইগৰাকীয়ে লকডাউন উলংঘা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।