ভয়ংকৰ ঘূৰ্ণীবতাহ! প্ৰাণ কাঢ়িলে মুঠ ৯ জন লোকৰ, সেনাৰ উদ্ধাৰকাৰ্য অব্যাহত, ক’ত?
ভয়ংকৰ ঘূৰ্ণীবতাহৰ কবলত পৰিছে দেশৰ পশ্চিম প্ৰান্তৰ।
সোমবাৰে মাজৰাতি মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ সাগৰীয় উপকূল অঞ্চলসমূহত টাউটে (tauktea) নামৰ এই ঘূৰ্ণীবতাহত বহু ক্ষয়-ক্ষতি হয়।
১৯০ কিলোমিটাৰ বেগত অহা এই ঘূৰ্ণীবতাহে কেইবাজনো লোকৰ প্ৰাণ হৰি নিয়াৰ লগতে বহু গছ-গছনী আৰু বাসগৃহৰো ক্ষতিসাধন কৰে।
বাতৰিত প্ৰকাশ পোৱা মতে, ঘূৰ্ণীবতাহে এই পৰ্যন্ত গুজৰাটত ৩জন আৰু মহাৰাষ্ট্ৰত ৬ জনকৈ লোকৰ প্ৰাণ কাঢ়িছে।
ভাৰতীয় সেনাই বৰ্তমান উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে।
আনহাতে, গুজৰাটৰ উপকূলত এখন জাহাজক ঘূৰ্ণীবতাহৰ কবলৰ পৰা ৰক্ষা কৰিছে ভাৰতীয় নৌসেনাই।
সোমবাৰে ৰাতি ঘূৰ্ণীবতাহৰ পূৰ্বেই আৰব সাগৰত যাত্ৰা আৰম্ভ কৰা জাহাজখনত ১৪৬ জনকৈ যাত্ৰী আছিল।
আটাইকেওজন যাত্ৰীকে নিৰাপদে উদ্ধাৰ কৰি অনা হয়।
বৰ্তমান ঘূৰ্ণীবতাহ ক্ৰমান্বয়ে কমি আহিছে বুলি জানিব পৰা গৈছে।