NORTHEAST NOW (Assamese)

উগ্ৰতাৰা দেৱালয়ৰ চুৰিকাণ্ড : ৩ জন লোকক আটক আৰক্ষীৰ

November 18, 2018 8:20 am · এন ই নাও নিউজ
উগ্ৰতাৰা মন্দিৰ। ফটো : ইউ বি

যোৱা শুকুৰবাৰে গুৱাহাটীৰ ঐতিহাসিক শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয়ত চোৰে লুটপাত চলোৱা ঘটনাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতে চুৰি কাণ্ডৰ ঘটনা চি চি টিভিৰ ফুটেজৰ পৰা সংগ্ৰহ কৰি আৰি ইয়াৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অভিযান চলাই শনিবাৰে তিনিজন সন্দেহজনক লোকক আটক কৰে।

গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ ক’লনিত আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে আটক কৰে। ইয়াৰে এজনৰ নাম জামালুদ্দিন বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে তিনিওজনকে জেৰা আৰম্ভ কৰিছে। আনহাতে, উক্ত চুৰিকাণ্ড সংঘটিত হোৱাৰ বাবে আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাকে জগৰীয়া কৰি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইপিনে, নিজৰ হৃত-মৰ্যাদা ৰক্ষা কৰাৰ বাবে অপৰাধীক ধৰিবলৈ আৰক্ষীয়ে এতিয়া সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে।

আনহাতে, চোৰে শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয়ৰ মন্দিৰৰ মূল বিগ্ৰহৰ লগতে মা তাৰাৰ অষ্টধাতুৰ মূৰ্তি লৈ যোৱাৰ পাছত শনিবাৰে মূৰ্তিৰ অবিহনেই ভক্তসকলে ধূপ-চাকি জ্বলাই আশীৰ্বাদ লয়। উগ্ৰতাৰা দেৱালয়ৰ এই চুৰিকাণ্ডক সকলোৱে গৰিহণা দিয়াৰ লগতে অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰো দাবী তোলে।

Related News