বিবাহ বিচ্ছেদৰ নতুন কাৰণ উদঘাটন বিজেপি নেতাৰ পত্নীৰ: ৩ শতাংশ বিবাহ বিচ্ছেদৰ কাৰণ যান-জঁট

Divorces Due To Traffic

আপুনি বিবাহিত নেকি ? পথত যান-জঁটত আৱদ্ধ হৈ পৰিছে নেকি ? যদি হৈছে সাৱধান! আপোনাৰ বিবাহ বিচ্ছেদ হ’ব পাৰে! শুনিবলৈ আচহুৱা হ’লেও বিবাহ বিচ্ছেদৰ এই অভিনৱ কাৰণ উদঘাটন কৰিছে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতাৰ পত্নীয়ে।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ পত্নী অম্ৰুতা ফাডনাভিছে বিবাহ বিচ্ছেদৰ এই অভিনৱ কাৰণ উদঘাটন কৰি এক প্ৰকাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তেওঁ কয় যে মুম্বাইৰ যান-জঁট চহৰখনত তিনি শতাংশ বিবাহ বিচ্ছেদৰ কাৰণ। সাংবাদিকৰ সৈতে মুম্বাইৰ পথ আৰু যান-জঁট সমস্যাৰ বিষয়ে বাৰ্তালাপৰ সময়ত এই উদ্ভট দাবী কৰে বিজেপি নেতাগৰাকীৰ পত্নীয়ে।

“মুম্বাইত তিনি শতাংশ বিবাহ বিচ্ছেদ যান-জঁটৰ বাবে হয়, কিয়নো মানুহে এই সমস্যাৰ বাবে তেওঁলোকৰ পৰিয়ালক সময় দিব নোৱাৰে।” তেওঁ কয়।

ফাড়নাভিছে লগতে কয় যে তেওঁ ব্যক্তিগতভাৱে ৰাস্তাৰ গাঁতৰ দ্বাৰা অসুবিধাত পৰিছে আৰু যান-জঁটত আবদ্ধ হৈ পৰিছে।

“পাহৰি যাওক যে মই দেৱেন্দ্ৰ ফাড়নাভিছৰ পত্নী। মই এগৰাকী মহিলা হিচাপে আপোনালোকৰ সৈতে কথা পাতি আছোঁ।ৰাস্তাত যান-জঁট আৰু গাঁতবোৰে আমাক কেনেদৰে কষ্ট দিয়ে সেয়া অনুভৱ কৰিছো।” তেওঁ কয়।

 

ফাড়নাভিছৰ এই উদ্ভট মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে ফাড়নাভিছৰ নাম নোলোৱাকৈ তেওঁৰ বক্তব্যক “দিনটোৰ শ্ৰেষ্ঠ যুক্তি” বুলি কটুক্তি কৰে।

প্ৰিয়ংকা চতুৰ্বেদীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীক উপহাস কৰি কয় যে বেংগালুৰুৰ পৰিয়ালবোৰে এই দাবীটোৰ বিষয়ে পঢ়াৰ পৰা বিৰত থকা উচিত।

“দিনটোৰ শ্ৰেষ্ঠ যুক্তি মহিলাগৰাকীক প্ৰদান কৰা হয় যিয়ে দাবী কৰে যে ৩% মুম্বাইবাসীয়ে ৰাস্তাত যান-বাহনৰ বাবে বিবাহ বিচ্ছেদ কৰিছে।অনুগ্ৰহ কৰি মানসিক বিৰতি লোৱাতকৈ এটা ছুটি দিনৰ বিৰতি লওক।” চতুৰ্বেদীয়ে এক টুইটযোগে এইদৰে কয়।

“বেংগালুৰুৰ পৰিয়ালবোৰে অনুগ্ৰহ কৰি এইটো পঢ়াৰ পৰা বিৰত থাকক, ই আপোনাৰ বিবাহৰ বাবে মাৰাত্মক প্ৰমাণিত হ’ব পাৰে।” টুইটটোত লগতে এই দৰে উল্লেখ কৰে শিৱসেনাৰ নেত্ৰী গৰাকীয়ে।

উল্লেখ্য যে ফাড়নাভিছৰ এই বক্তব্যৰ পাছতে সামাজিক মাধ্যমত বিভিন্নজনে তেওঁক উপহাসৰ কেন্দ্ৰ কৰি লয়। তেওঁৰ বক্তব্য কৌতুক আৰু মিম যোগে শ্বেয়াৰ কৰি হাস্যৰসৰ সঞ্চাৰ কৰে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে।