জনতাৰ ধনেৰে প্ৰমোদ বিলাস : ফ্ৰান্স ভ্ৰমণ কৰি বিপদত ৩ IAS বিষয়া

ইকনমি ক্নাছৰ টিকট, বিলাসী পঞ্চতাৰকাযুক্ত হোটেলৰ কোঠা আৰু হিচাপহীন খৰচ ! ২০১৫ চনত ফ্ৰান্সলৈ আনুষ্ঠানিক ভ্ৰমণত যোৱা তিনিজন জ্যেষ্ঠ আই এ এছ বিষয়াৰ আচৰিত ধৰণৰ অনিয়মৰ কথা শেহতীয়া এটা অডিটত প্ৰকাশ পাইছে, যাৰ ফলত ৰাজহুৱা ধনৰ অপব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন হৈছে।

আমোলা তিনিজন হ’ল চণ্ডীগড় প্ৰশাসকৰ তেতিয়াৰ উপদেষ্টা বিজয় দেৱ, তেতিয়াৰ চণ্ডীগড়ৰ গৃহ সচিব অনুৰাগ আগৰৱাল আৰু তেতিয়াৰ সচিব (পাৰ্ছনেল) বিক্ৰম দেৱ দত্ত। সেই সময়ত পঞ্জাৱৰ প্ৰাক্তন ৰাজ্যপাল কপ্তান সিং সোলাংকি চণ্ডীগড়ৰ অতিৰিক্ত দায়িত্বত আছিল।

২০১৫ চনত চণ্ডীগড়ৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰা চুইছ-ফ্ৰান্সৰ স্থপতিবিদ লে কৰ্বিজিয়েৰৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে এখন বৈঠকৰ বাবে পেৰিছৰ ফাউণ্ডেশ্যন লে কৰ্বিজিয়েৰৰ পৰা চণ্ডীগড় প্ৰশাসনে আমন্ত্ৰণ লাভ কৰিছিল। এই অনুষ্ঠানৰ বাবে প্ৰশাসনে চাৰিগৰাকী অংশগ্ৰহণকাৰীক মনোনীত কৰা হৈছিল। বিজয় দেৱ, বিক্ৰম দেৱ দত্ত আৰু অনুৰাগ আগৰৱালাৰ বাবে গৃহ মন্ত্ৰালয়ৰ পৰা অনুমোদন বিচাৰিছিল। ভ্ৰমণ কাৰ্যসূচী প্ৰস্তুত কৰি অনুমোদন দিয়া হৈছিল। প্ৰকাশ পাইছে যে বিষয়াসকলে ইজনে সিজনৰ ভ্ৰমণত অনুমোদন জনাইছিল৷ দেৱৰ ভ্ৰমণত দত্তই অনুমোদন জনাইছিল আৰু দত্তৰ ভ্ৰমণত দেৱৰ অনুমোদন জনাইছিল৷

চণ্ডীগড়ৰ নিৰীক্ষণ সঞ্চালক প্ৰধান (কেন্দ্ৰীয়)ৰ প্ৰতিবেদনত কোৱা হৈছে যে আমন্ত্ৰণটো প্ৰথমে এজন বিষয়াৰ বাবে আছিল – চণ্ডীগড়ৰ মুখ্য স্থপতিবিদ – কিন্তু তিনিজন সচিব পৰ্যায়ৰ বিষয়া গৈছিল, সেইটোও কৰদাতাৰ খৰচত। প্ৰতিবেদনত কোৱা হৈছে যে এই ভ্ৰমণ আয়োজক ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতা কৰা নাছিল আৰু সকলো খৰচ চণ্ডীগড় প্ৰশাসনে আদায় দিছিল। ইয়াত কোৱা হৈছে যে স্ক্ৰীনিং কমিটীৰ অনুমোদন অবিহনে পাঁচ দিনতকৈ অধিক সময়ৰ বাবে কোনো বিদেশ ভ্ৰমণৰ অনুমোদন দিয়া উচিত নহয় বুলি নিয়মকো বিষয়াসকলে আওকাণ কৰে। এই যাত্ৰা আছিল সাত দিনৰ। অডিট প্ৰতিবেদনত উল্লেখ কৰা এটা কথা আছিল যে কেনেকৈ বিষয়াসকলে কোনো অনুমোদন অবিহনে এদিনীয়া ভ্ৰমণ সাত দিনলৈ বৃদ্ধি কৰিলে।

এই পৰ্যন্ত দুজন বিষয়াক বদলি কৰা হৈছে আৰু এজনে অৱসৰ লৈছে। বৰ্তমান অৱসৰপ্ৰাপ্ত বিজয় কুমাৰ দেৱ দিল্লীৰ নিৰ্বাচন আয়ুক্ত। বিক্ৰম দেৱ দত্ত অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএৰ সঞ্চালক প্ৰধান আৰু অনুৰাগ আগৰৱাল হাৰিয়ানাৰ মুখ্য নিৰ্বাচনী বিষয়া।