মালেইছিয়াৰ আন্তঃৰাষ্ট্ৰীয় কাৰাটে টুৰ্ণামেন্টৰ বাবে সাজু বিশ্বনাথৰ তিনি যুৱক
যি সময়ত হিমা দাসে সমগ্ৰ পৃথিৱীতে অসমৰ নাম উজ্বলাব সক্ষম হৈছে সেই সময়তে বিশ্বনাথৰ ৩ গৰাকীকৈ কাৰাটে খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশ তথা ৰাজ্যৰ হৈ প্ৰতিনিধিত্ব কৰিব যোৱা বতৰাই বিশ্বনাথবাসী ৰাইজৰ মাজত আনন্দ কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে অতি কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকি উঠিবলৈ সক্ষম হোৱা কাৰাটে খেলুৱৈ তথা বিশ্বনাথৰ ‘চেম্পিয়নচ মেকাৰ একাডেমী’ৰ প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ লগতে তেওঁৰ পৰা প্ৰশিক্ষন গ্ৰহণ কৰি থকা সোনাম লামা আৰু মিলন বৰদলৈয়ে অহা ১ আৰু ২ ছেপ্তেম্বৰত মালেইছিয়াত অনুষ্ঠিত হ’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় কাৰাটে টুৰ্ণামেণ্টত অংশগ্ৰহণৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে।
আজি মালেইছিয়া অভিমুখে উৰা মাৰিব লগীয়া এই খেলুৱৈয়ে ৩ গৰাকীয়ে ইয়াৰ বাবে এতিয়া বিছাৰিছে অসমবাসীৰ মৰম আৰু আশীৰ্বাদ।
হিমা দাসৰ দৰে তেওঁলোকেও উৎকৃষ্ট প্ৰদৰ্শনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হ’ব বুলি বিশ্বনাথবাসী ৰাইজে আশা কৰিছে।