NORTHEAST NOW (Assamese)

পশ্চিম বংগত তৃণমূল নেতাৰ গৃহত বিস্ফোৰণ: তিনি গৰাকীৰ মৃত্যু

December 3, 2022 2:49 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 3, 2022 2:53 pm

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক নিহত হৈছে। আজি জিলাখনত টিএমচিৰ অন্যতম শীৰ্ষ নেতা অভিষেক বেনাৰ্জীৰ নিৰ্ধাৰিত সমাৱেশ অনুষ্ঠিত হোৱা পূৱ মিদনাপুৰৰ কণ্টাইৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই বিস্ফোৰণ।

শুকুৰবাৰে নিশা প্ৰায় ১১.১৫ বজাত নাৰায়বিলা গাঁৱৰ তৃণমূল কংগ্ৰেছৰ বুথ সভাপতিৰ বাসগৃহত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ বাবে তৃণমূল নেতাগৰাকীৰ বাসগৃহ প্ৰায় ধ্বংসস্তূপত পৰিণত হয়।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় আৰক্ষী বিষয়াই মৃত লোক কেইগৰাকীৰ এতিয়াও চিনাক্তকৰণ হোৱা নাই বুলি উল্লেখ কৰিছে। অৱশ্যে নিহত আটাইকেইজন টিএমচিৰ কৰ্মী বুলি সন্দেহ কৰা হৈছে।

আৰক্ষী বিষয়াগৰাকীয়ে বিস্ফোৰণৰ প্ৰকৃতি এতিয়াও জানিব পৰা নাই বুলি লগতে কয়। অৱশ্যে ঘৰটোত বিস্ফোৰক দ্ৰব্যই আক্ৰমণ কৰাৰ সম্ভাৱনা নুই কৰা নাই নাই। ঘৰটোত মজুত থকা এক খাৰুৱা বোমা ভুলবশতঃ বিস্ফোৰণ ঘটা বুলিও সন্দেহ কৰা হৈছে।

 

ইফালে বিস্ফোৰণৰ পাছতে বিজেপিয়ে তৃণমূল নেতাগৰাকীৰ বাসগৃহত দেশীয় নিৰ্মিত বোমা প্ৰস্তুত কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছে। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি দিলীপ ঘোষে তৃণমূল শাসিত ৰাজ্যখনত কেৱল বোমা নিৰ্মাণ উদ্যোগহে বিকশিত হৈছে বুলি অভিযোগ কৰে।

আনহাতে ৰাজ্যখনৰ পূৰ্বৰ শাসিত দল চি পি আই (এম)ৰ জ্যেষ্ঠ নেতা সুজন চক্ৰৱৰ্তীয়ে এনে ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী কিয় মৌন হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁৰ পৰা বিবৃতিৰ দাবী জনায়।

টিএমচিৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষে কয় যে কোনো প্ৰমাণ অবিহনে পশ্চিম বংগত শাসকীয় দলক দোষাৰোপ কৰাটো বিৰোধীয়ে অতি সহজ।

উল্লেখ্য যে, অহা বৰ্ষৰ আৰম্ভণিতে পশ্চিম বংগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যজুৰি আৰক্ষীয়ে কম্বিং অভিযান আৰম্ভ কৰাৰ সময়ত সমগ্ৰ ৰাজ্যতে দেশীয় নিৰ্মিত বহু বোমা আৰু যুদ্ধাস্ত্ৰ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related News