আতচবাজী কাৰখানাত ভয়াৱহ বিস্ফোৰণ: তিনি কৰ্মচাৰী নিহত, এগৰাকী সন্ধানহীন

firecracker factory blast in West Godavari

বৃহস্পতিবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ কাদিয়াড্ডাস্থিত এটা আতচবাজী নিৰ্মাণ কাৰখানাত এক ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়। এই ভয়াৱহ বিস্ফোৰণত তিনিগৰাকী লোকৰ থিতাতে মৃত্যু হয়।

জিলাখনৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে নিশা প্ৰায় ৮ বজাৰ পৰা ৮.২০ বজাৰ ভিতৰত সংঘটিত এই ভয়ংকৰ বিস্ফোৰণত তিনিগৰাকী লোক নিহত হোৱাৰ লগতে এগৰাকী আহত হৈছে।

আনহাতে আন এগৰাকী লোক সন্ধানহীন হৈ আছে বুলি তেওঁ লগতে জানিবলৈ দিছে। আৰক্ষী বিষয়াগৰাকীৰ ভাষ্য মতে কাৰখানাটোত মুঠ ৮ গৰাকী লোকে কাম কৰে।

আবেলি ৫ বজাত তিনিগৰাকী ঘৰলৈ উভতি যায় যদিও পাঁচগৰাকী কৰ্মচাৰী কাৰখানাত উপস্থিত আছিল আৰু সেই সময়তে এই ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়। প্ৰাৰম্ভিক অনুসন্ধানত আতচবাজীত জুই লগাৰ বাবে এই বিস্ফোৰণ সংঘটিত হৈছে বুলি প্ৰকাশ পাইছে।

ইফালে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে বিস্ফোৰণত নিহতসকলৰ বাবে শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

লগতে বিস্ফোৰণত আহত গৰাকীৰ উন্নত চিকিৎসা নিশ্চিত কৰিবলৈও তেওঁ স্থানীয় বিষয়াসকলক নিৰ্দেশ দিছে। সমসাময়িকভাৱে ঘটনাস্থলীত উপযুক্ত সাহায্য ব্যৱস্থা গ্ৰহণ কৰীবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।