NORTHEAST NOW (Assamese)

ডিব্ৰুগড় কাৰাগাৰলৈ পুনৰ খালিস্তানী নেতা অমৃতপাল সিঙৰ তিনি সহযোগী

March 21, 2023 5:45 pm · এন ই নাও নিউজ, গুৱাহাটী

কট্টৰ খালিস্তানী নেতা অমৃতপাল সিঙৰ তিনি সহযোগীক পুনৰ ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছে। অসম আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই তিনিগৰাকী ব্যক্তিৰ ভিতৰত অমৃতপাল সিঙৰ খুৰাক হৰজিৎ সিঙো আছে।

আজিৰ এই তিনি ব্যক্তিকে ধৰি যোৱা ১৯ মাৰ্চৰ পৰা অমৃতপাল সিঙৰ ‘ৱাৰিছ পঞ্জাব দে’ (WPD)ৰ সৈতে জড়িত মুঠ সাতগৰাকী সদস্যক ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছে।

ৱাৰিছ পঞ্জাব দেৰ ধৃত আন দুগৰাকী সদস্যক কুলৱন্ত সিং ধলিৱাল আৰু গুৰিন্দৰ পাল সিং বুলি চিনাক্ত কৰা হৈছে। দুয়োগৰাকীকে দিল্লীৰ পৰা বিমানেৰে অসমলৈ অনা হয়।

আনহাতে অমৃতপাল সিঙৰ খুৰাক হৰজিৎ সিঙে সোমবাৰে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত আজি বিমানেৰে অসমলৈ লৈ অহা হয়।

আজি পুৱা ৭.১০ বজাত হৰজিৎ সিঙক গুৱাহাটী বিমানবন্দৰৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়। অমৃতপাল সিঙক ৱাৰিছ পঞ্জাব দেৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰাত হৰজিৎ সিঙে অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ইতিপূৰ্বে দেওবাৰে সংগঠনটোৰ আন চাৰিগৰাকী সদস্যক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল। এই চাৰি সদস্য আছিল ক্ৰমে দলজিৎ সিং কালসী, ভগৱন্ত সিং, গুৰমীত সিং, আৰু ‘প্ৰধানমন্ত্ৰী’ বাজেকা।

Related News