বিগ বি অমিতাভ বচ্চনৰ ঘৰত বোমা! মুম্বাইৰ তিনিটা ৰে’ল ষ্টেছনতো বোমাতংক

mumbai-bomb-threat-call-causes-

মায়ানগৰী মুম্বাইৰ তিনিটা ৰ’ল ষ্টেছনৰ লগতে বিগ বি অমিতাভ বচ্চনৰ ঘৰত ৰখা হৈছে শক্তিশানী বোমা।

মাজনিশা অচিনাকী কণ্ঠই টেলিফোন যোগে মুম্বাই আৰক্ষীক এই খবৰ অৱগত কৰাৰ পিছতে আৰক্ষীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

লগে লগে অমিতাভ বচ্চনৰ ঘৰৰ লগতে তিনিটাকৈ ৰে’ল ষ্টেছনত আৰম্ভ কৰা হয় তালাচী।

কিন্তু আৰক্ষীয়ে ক’তোৱেই নাপালে বোমাৰ সন্ধান। আৰক্ষী নিশ্চিত হ’ল যে সেয়া কোনোৱাই কৰা ভুৱা ফোনহে আছিল।

আৰক্ষীয়ে ইতিমধ্যে ফোন কৰা লোক জনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে।

মুম্বাই আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মাজনিশা অচিইনাকী কণ্ঠই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ফোন কৰি জনায় যে ছত্ৰপতি শিৱাজীমহাৰাজ টাৰ্মিনাছ,বাইকুল্লা আৰু দাদৰ ৰেএ’ল ষ্টেছনত বোমা ৰখা হৈছে। একেদৰে অমিতাভ বচ্চনৰ জুহুৰ ঘৰতো ৰখা হৈছে বোমা।

কিন্তু সেয়া যে ভুৱা ফোন আছিল তালাচীৰ পিছতহে পোহৰলৈ আহে।

উল্লেখ্য ইয়াৰ পূৰ্বেও মুম্বাইত থকা মহাৰাষ্ট্ৰৰ সচিবালয়ত বোমা ৰখা হৈছে বুলি যোৱা মে’ মাহত আৰক্ষীলৈ ফোন আহিছিল।সেই ফোনটো কৰা হৈছিল নাগপুৰৰ পৰা।

১৯৯৩ চনৰ মুম্বাই কাণ্ডৰ পিছত মুম্বাই আৰক্ষীয়ে যিকোনো ফোনকেই গুৰুত্ব সহকাৰে লৈ আহিছে।